ETV Bharat / state

Food Poisoning in Jorhat: খাদ্যত বিষক্ৰিয়া হৈ বৰহোলাৰ শিশুসহ 7 জন চিকিৎসাধীন

যোৰহাটত খাদ্যত বিষক্ৰিয়া হৈ শিশুসহ 7 জন লোক চিকিৎসাধীন ৷ সম্প্ৰতি যোৰহাট চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালত চিকিৎসাধীন আটাইকেইজন ৷

author img

By

Published : Jul 14, 2023, 12:26 PM IST

Child Hospitalised due to food poisoning in Jorhat
বৰহোলাৰ মাটিখোলা গাঁৱত অঘটন
বিষক্ৰিয়াত আক্ৰান্ত হৈ শিশুসহ 7 জন চিকিৎসাধীন

যোৰহাট, 14 জুলাই : যোৰহাট জিলাৰ তিতাবৰ বৰহোলাৰ মাটিখোলা গাঁৱত অঘটন ৷ খাদ্যত বিষক্ৰিয়া হৈ শিশু সহ 7 জন লোক চিকিৎসাধীন ৷

যোৰহাট জিলাৰ অন্তৰ্গত তিতাবৰ মহকুমাত খাদ্যত বিষক্ৰিয়া হৈ 7 জন লোক গুৰুতৰভাৱে অসুস্থ ৷ খাদ্যৰ বিষক্ৰিয়াত আক্ৰান্ত লোক সকলৰ স্বাস্থ্যৰ অৱস্থা অধিক গুৰুতৰ হৈ পৰাত ততাতৈয়াকৈ যোৰহাট চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতালত ভৰ্তি কৰোৱা হয় ৷ এই অনাকাংক্ষিত ঘটনা সংঘটিত হৈছে তিতাবৰ বৰহোলাৰ মাটিখোলা গাঁৱত ৷ মিঠা মৰা শাক, দাইল, কঠালগুটি, বুট আৰু পাতত দিয়া মাছ খাদ্যত গ্ৰহণ কৰাৰ পাছতেই অসুস্থ হৈ পৰে পৰিয়ালৰ এই কেইজন লোক ৷

লগতে পঢ়ক : One dies of Japanese Encephalitis: বানৰ সমান্তৰালকৈ মাৰাত্মক ৰূপ লৈছে জাপানিজ এনকেফেলাইটিছে

খাদ্যৰ বিষক্ৰিয়াত আক্ৰান্ত হোৱা সকল ক্ৰমে দীপালী শইকীয়া, গজেন শইকীয়া, বিদ্যুৎ বৰা, প্ৰণৱ শইকীয়া, লাকী বৰা, ৰশ্মীৰেখা শইকীয়া, পলি শইকীয়া বৰা ৷ ইয়াৰে এটি 4 বছৰীয়া কণমানি শিশু আৰু এটি 10 বছৰীয়া নাবালক থকা বুলি জানিব পৰা গৈছে ৷ খাদ্যৰ বিষক্ৰিয়াত আক্ৰান্ত হোৱা সাত জনৰ ভিতৰত দুজনৰ স্বাস্থ্যৰ অৱস্থা অতি শোচনীয় বুলি যোৰহাট চিকিৎসা মহাবিদ্যালয়ৰ এক সূত্ৰই জানিবলৈ দিছে ৷ বিষক্ৰিয়াত আক্ৰান্ত সকলৰ প্ৰচণ্ড পায়খানা আৰু বমি হোৱা পৰিলক্ষিত হৈছে ৷

উল্লেখ্য যে, খাদ্যৰ বিষক্ৰিয়াত আক্ৰান্ত লোকসকলে পুৱাতে ন-ভুই ৰোপন কাৰ্যসূচীত অংশগ্ৰহণ কৰি ঘৰলৈ ওভতাৰ পথত মিঠামৰা শাক বুলি অন্য বিষাক্ত শাক লৈ আহি, সেয়া খাদ্য হিচাপে গ্ৰহণ কৰাৰ ফলতেই এনেধৰণ ঘটনা সংঘটিত হ'বলৈ পালে বুলি স্থানীয় লোকে জানিবলৈ দিয়ে ৷

লগতে পঢ়ক : JJM Review: দেশৰ ভিতৰতে জলজীৱন মিছনৰ কাম নোহোৱা জিলা কাৰ্বি আংলং- জয়ন্ত মল্ল বৰুৱা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.