ETV Bharat / state

টীয়কৰ চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়ত ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনাচক্ৰ - ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনাচক্ৰ

৩ আৰু ৪ ডিচেম্বৰত টীয়কৰ চন্দ্ৰকমল বেজবৰুৱাত আয়োজন কৰা হৈছে ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনাচক্ৰ (National level seminar at CKB College) । দেশৰ ভিন্ন প্ৰান্তৰ গৱেষক, অধ্যাপক তথা শিক্ষাৰ্থীয়ে ইতিমধ্যে পঞ্জীয়ন কৰিছে এই আলোচনাচক্ৰত ।

seminar
টীয়কৰ চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়ত ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনাচক্ৰ
author img

By

Published : Dec 1, 2021, 6:41 PM IST

টীয়ক, ১ ডিচেম্বৰ : যোৰহাট জিলাৰ টীয়কৰ এখন আগশাৰীৰ শিক্ষা প্ৰতিষ্ঠান চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়ত অনুষ্ঠিত হ'ব ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ (National level seminar at CKB College) । অহা ৩ আৰু ৪ ডিচেম্বৰত অনুষ্ঠিত হ'ব এই আলোচনা চক্ৰ । মহাবিদ্যালয়খনৰ আভ্যন্তৰীণ মান নিশ্চিতকৰণ কোষৰ উদ্যোগত ডিব্ৰুগড় বিশ্ববিদ্যালয় শিক্ষক সংস্থা (dibrugarh university teachers association) আৰু যোৰহাট মণ্ডলৰ অসম কলেজ শিক্ষক সংস্থাৰ যৌথ সহযোগত আয়োজন কৰা হৈছে এই আলোচনা চক্ৰৰ । এই আলোচনা চক্ৰ সন্দৰ্ভত বুধবাৰে মহাবিদ্যালয়খনত এক সংবাদমেল সম্বোধন কৰে আয়োজক সমিতিয়ে ।

টীয়কৰ চন্দ্ৰকমল বেজবৰুৱা মহাবিদ্যালয়ত ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনাচক্ৰ

আয়োজক সমিতিৰ হৈ ড° বিনয়ব্ৰত ৰাজখোৱাই জনাই যে 'India after Independence and Vision 2047' শীৰ্ষক বিষয়ত হ'বলগীয়া আলোচনা চক্ৰত গৱেষণা-পত্ৰ পাঠৰ বাবে ইতিমধ্যে শতাধিক অধ্যাপক, গৱেষক আৰু স্নাতকোত্তৰ তথা স্নাতক পৰ্যায়ৰ ছাত্ৰ-ছাত্ৰীয়ে পঞ্জীয়ন কৰিছে । ইফালে দুয়োটা দিনৰ বিভিন্ন কাৰ্যসূচীৰ সম্পৰ্কেও উল্লেখ কৰে আয়োজক সমিতিয়ে । উক্ত দুয়োটা দিনৰ কাৰ্যসূচীত সমূহ ৰাইজ তথা ছাত্ৰ-ছাত্ৰীৰ উপস্থিতি আশা কৰিছে উদ্যোক্তাসকলে ।

লগতে পঢ়ক :Border Security Force Press Meet : সীমা সুৰক্ষা বলৰ গুৱাহাটী ফ্ৰন্টিয়াৰৰ সংবাদমেল

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.