ETV Bharat / state

ম'ন জিলালৈ যোৱাত ৰৰৈয়া বিমান বন্দৰতেই জীতেন্দ্র সিঙক বাধা নিৰাপত্তাৰক্ষীৰ - জীতেন্দ্র সিঙক বাধা নিৰাপত্তাৰক্ষীৰ

ৰৰৈয়া বিমান বন্দৰত জীতেন্দ্র সিঙক আৱদ্ধ কৰি ৰাখিছে নিৰাপত্তাৰক্ষীয়ে(Security forces have trapped Jitendra Singh) ৷ লগতে আৱদ্ধ হৈ আছে সাংসদ গৌৰৱ গগৈ আৰু নাগালেণ্ড কংগ্ৰেছৰ তত্বাৱধায়ক অজয় কুমাৰ ৷ নাগালেণ্ডৰ ম'ন জিলালৈ যোৱাত বাধা প্ৰধান কৰি তিনিও কংগ্ৰেছ নেতাক আৱদ্ধ কৰি ৰাখিছে নিৰাপত্তাৰক্ষীয়ে ৷

Security forces have trapped Jitendra Singh
জীতেন্দ্র সিঙক আৱদ্ধ কৰি ৰাখিছে নিৰাপত্তাৰক্ষীয়ে
author img

By

Published : Dec 8, 2021, 5:44 PM IST

Updated : Dec 9, 2021, 11:38 AM IST

গুৱাহাটী, 8 ডিচেম্বৰ : যোৰহাটৰ ৰৰৈয়া বিমান বন্দৰত নিৰাপত্তাৰক্ষীয়ে আৱদ্ধ কৰি ৰাখিছে তিনি কংগ্ৰেছ নেতা ক্ৰমে, জীতেন্দ্র সিঙ, সাংসদ গৌৰৱ গগৈ আৰু নাগালেণ্ড কংগ্ৰেছৰ তত্বাৱধায়ক অজয় কুমাৰক ৷ নাগালেণ্ডৰ ম'ন জিলালৈ যোৱাৰ উদ্দেশ্যে বুধবাৰে বিমানেৰে দিনৰ প্ৰায় ১.৩০ বজাত যোৰহাটত উপস্থিত হৈছে কংগ্ৰেছৰ নেতা তিনি গাৰকী(Jitendra Singh trapped at Jorhat airport) ৷ ইয়াৰ লগে লগে নিৰাপত্তাৰক্ষীয়ে তিনিও গৰাকীকে আৱদ্ধ কৰি ৰাখে ৷

জীতেন্দ্র সিঙক আৱদ্ধ কৰি ৰাখিছে নিৰাপত্তাৰক্ষীয়ে

যোৱা শনিবাৰে নিশা নাগালেণ্ডৰ ম'ন জিলাৰ অ'টিং গাঁৱত নিৰাপত্তাৰক্ষীয়ে উগ্ৰপন্থী সংগঠন NSCNৰ সদস্য বুলি 6 গৰাকীকৈ নিৰীহ নগা যুৱকক গুলীয়াই হত্যা কৰিছিল(Nagaland firing incident) ৷ পাছত অধিক অৱনতি ঘটিছিল অ'টিং গাঁৱৰ পৰিস্থিতি ৷ নিৰাপত্তাৰক্ষীৰ এনে কাণ্ডত ক্ষোভিত হৈ স্থানীয় নগালোকে পৰিস্থিতি অধিক উত্তপ্ত কৰি তোলাত পুনৰ সেনাই গুলী চালনা কৰিবলগীয়া হয় ৷ এই সমগ্ৰ ঘটনাটোত সৰ্বমুঠ 14 গৰাকীকৈ নিৰীহ লোকে প্ৰাণ হেৰুৱাইছিল ৷

এই ঘটনাক কেন্দ্ৰ কৰি নাগালেণ্ডত পুনৰ বিচ্ছিন্নতাবাদী পৰিৱেশে বিৰাজ কৰিছে ৷ ভাৰতীয় সেনাৰ এনে বৰ্বৰতাক কোনো প্ৰকাৰে সহজভাৱে ল'ব পৰা নাই পাহাৰীয়া ৰাজ্যখনে ৷ ইফালে এই ঘটনাৰ পাছতে উত্তৰ-পূৱৰ বাবে ভাৰতীয় সেনাক দি থোৱা কেন্দ্ৰীয় সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন(Armed Forces Special Powers Act) চমুকৈ AFSPA বাতিল দাবী উত্থাপন হৈছে সমগ্ৰ উত্তৰ-পূৱতে(Demand to repeal AFSPA) ৷

Security forces have trapped Jitendra Singh
জীতেন্দ্র সিঙক আৱদ্ধ কৰি ৰাখিছে নিৰাপত্তাৰক্ষীয়ে

লগতে পঢ়ক: Indian Army Chopper Crashed : কোন কোন আছিল অভিশপ্ত হেলিকপ্টাৰখনত ?

এনে পৰিৱেশৰ মাজতে বুধবাৰে পৰিস্থিতিৰ বুজ লোৱাৰ বাবে উত্তৰ-পূৰ্বাঞ্চলৰ দায়িত্বত থকা কংগ্ৰেছৰ কেন্দ্ৰীয় নেতা জীতেন্দ্র সিঙে নাগালেণ্ডৰ ম'ন জিলালৈ যোৱাৰ বাবে দিল্লীৰ পৰা আহিছিল । তেওঁ বিমানেৰে আহি যোৰহাট বিমান বন্দৰত অৱতৰণ কৰি নাগালেণ্ডৰ ম'ন জিলালৈ ৰাওনা হোৱাৰ কথা আছিল । কিন্তু নাগালেণ্ডৰ ম'ন জিলালৈ যোৱাত বাধা দিয়াৰ বাবে পূৰ্বৰে পৰা যোৰহাট বিমানবন্দৰত মোতায়েন কৰা আৰক্ষী তথা চিআৰপিএফৰ জোৱানে জীতেন্দ্র সিঙৰ লগতে গৌৰৱ গগৈ আৰু অজয় কুমাৰক আৱদ্ধ কৰি ৰাখিছে ৷

ইফালে, জীতেন্দ্র সিঙে যাতে কোনো ধৰণৰ মতামত দিব নোৱাৰে তাৰ বাবে আৰক্ষীয়ে বিমানবন্দৰত কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে । উল্লেখ্য যে, নিৰাপত্তা বাহিনীৰ এনে কাৰ্য বিৰোধীতা কৰি বিমানবন্দৰতে তিনিও গৰাকী কংগ্ৰেছ নেতাই প্ৰতিবাদ সাব্যস্ত কৰে ।

লগতে পঢ়ক: আমিনুল ইছলামৰ ঘৰলৈ যোৱাৰ পথতে সত্যৰঞ্জন বৰাক আটক নগাঁও আৰক্ষীৰ

Last Updated : Dec 9, 2021, 11:38 AM IST
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.