তিতাবৰ, 13 জুন : অচিৰেই অসমৰ আকাশত উৰিব চি প্লেন (Seaplane)। এজন অসমীয়া যুৱকে নিজা প্ৰচেষ্টাৰে অসমৰ আকাশত চি প্লেন (Seaplane) উৰুৱাবলৈ প্ৰস্তুতি চলাইছে । যোৰহাট তিতাবৰৰ যুৱক বুবুল শইকীয়াই প্ৰায় দুবছৰ জোৰা প্ৰস্তুতিৰ অন্তত সাজু কৰি উলিয়াইছে জলপৃষ্ঠৰ লগতে আকাশমাৰ্গত উৰিব পৰা এখন অত্যাধুনিক চি প্লেন ।
তিতাবৰৰ চৰাইপানীৰ অঞ্চলৰ প্ৰতিভাবান বুবুল নামৰ ব্যক্তিজনে বিগত দুবছৰ ধৰি চি প্লেনখনৰ নিৰ্মাণ কাৰ্য চলাই আহিছিল । শুকুৰবাৰে এই চি প্লেনৰ জলপৃষ্ঠত সফল পৰীক্ষণ সম্পন্ন হৈ যায় । অৱশ্যে ইয়াক আকাশমাৰ্গত উৰুৱাব পৰাকৈ সক্ষম হোৱালৈ ৰাজ্যবাসীয়ে আৰু কিছুদিন অপেক্ষা কৰিব লাগিব ।
পেচাত ৰাজমিস্ত্ৰী বুবুল শইকীয়াই সৰুৰে পৰা আকাশ মাৰ্গত উৰাৰ এটা সপোন বুকুত বান্ধি ৰাখিছিল । এই সপোনক বাস্তৱ ৰূপ দিবলৈ বিগত দুটা বছৰ ধৰি এই চি প্লেনখনৰ নিৰ্মাণ কাৰ্যত নিয়োজিত হৈ পৰে ৷ বুবুলে ৰাজমিস্ত্ৰী কৰি উপাৰ্জন কৰা টকাৰে ঘৰখন চলোৱাৰ লগতে চি প্লেন (Seaplane)খনত ব্যৱহৃত সামগ্ৰীসমূহ এপদ এপদকৈ ক্ৰয় কৰি বিগত দুটা বছৰে নিৰ্মাণ কাৰ্য চলাই আহিছিল । বাজাজ পালচাৰ বাইক (Bajaj Pulsar)ৰ ইঞ্জিন ব্যৱহাৰেৰে কোনো ধৰণ প্ৰযুক্তিবিদ্যাৰ প্ৰশিক্ষণ নোলোৱাকৈ একাগ্ৰতা আৰু সাধনাৰে ঘৰতে স্থানীয় কেইগৰাকীমান যুৱকৰ লগত লগ লাগি সাজি উলিয়াইছে এই চি প্লেন ।
লগতে পঢ়ক : গুৱাহাটীত আৰক্ষীৰ জালত Munna Bhai MBBS