ETV Bharat / state

স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত উজনিৰ নিৰাপত্তা ব্যৱস্থা পৰ্যালোচনা জি পি সিঙৰ - স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত যোৰহাটত বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিং

উজনি অসমত স্বাধীনতা দিৱসক লৈ নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰা হৈছে (Security tightened in upper Assam before Independence Day)। যোৰহাটত উপস্থিত হৈ জি পি সিঙৰ ঘোষণা অসম উন্নয়নৰ দিশত আগবাঢ়িছে । স্বাধীনতা দিৱস পালনৰ বাবে ৰাইজৰ উৎসাহ বৃদ্ধি পাইছে ।

SDGP
স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত যোৰহাটত বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিং
author img

By

Published : Aug 13, 2022, 1:11 PM IST

যোৰহাট,১৩ আগষ্ট : স্বাধীনতা দিৱসক লৈ দেশত ব্যাপক তৎপৰতা দেখা গৈছে (Independence Day of India)। চাৰিওফালে স্বাধীনতা দিৱসৰ প্ৰস্তুতি চলিছে । অসমৰো ভিন্ন প্ৰান্তত স্বাধীনতা দিৱস উদযাপনৰ প্ৰস্তুতি চলিছে (Independence Day preparations in Assam)। ইফালে স্বাধীনতা দিৱসৰ প্ৰতি লক্ষ্য ৰাখি ঠায়ে ঠায়ে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে ।

স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত যোৰহাটত বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিং

বিশেষকৈ উজনি অসমত আৰক্ষীৰ নিৰাপত্তা ব্যৱস্থা শক্তিশালী কৰি তোলা হৈছে । ইয়াৰ মাজতে শনিবাৰে যোৰহাটত উপস্থিত অসম আৰক্ষীৰ বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিং (Assam Police SDGP GP Singh at Jorhat)। নিৰাপত্তা ব্যৱস্থাৰ পৰ্যালোচনা কৰি বিশেষ আৰক্ষী সঞ্চালক প্ৰধানগৰাকীয়ে কয় যে উজনি অসমত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰা হৈছে ।

তেওঁ উল্লেখ কৰা মতে অসমৰ এতিয়া ডাঙৰ প্ৰত্যাহ্বান হৈছে ড্ৰাগছ আৰু জেহাদী । অসমত জেহাদী চালুকীয়া অৱস্থাত আছে । তেওঁৰ মতে এই সময়তে যদি কঠোৰ হাতেৰে দমন কৰা হয় তেন্তে অসমত জেহাদী দেখিবলৈ পোৱা নাযাব ।

জি পি সিঙৰ মতে ড্ৰাগছৰ দাম এতিয়া বাঢ়িছে আৰু সুলভতা কমি গৈছে । এয়া অসম আৰক্ষীৰ সফলতা বুলিও তেওঁ উল্লেখ কৰে । অৱশ্যে ড্ৰাগছৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান চলি থাকিব বুলিও তেওঁ উল্লেখ কৰে ।

স্বাধীনতা দিৱস সম্পৰ্কত জি পি সিঙে কয় যে স্বাধীনতা দিৱস উপলক্ষে ৰাইজৰ যি উৎসাহ দেখা গৈছে সেয়া নতুন অসমৰ আগজাননী । এয়া অসমৰ উন্নয়নৰ আগজাননী । চৰকাৰক প্ৰশংসা কৰি তেওঁ কয় যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ উন্নয়নৰ ধাৰাৰ বাবে ৰাইজ উৎসাহিত হৈ এনেদৰে ওলাই আহিছে ।

তেওঁৰ মতে তৈল খণ্ড, চাহ খণ্ড আৰু ভাষিক সংখ্যালঘু সদায়ে উগ্ৰপন্থীৰ লক্ষ্য হৈ আহিছে । কিন্তু অসমৰ ৰাইজ এতিয়া উন্নয়নৰ পথত যাব বিচাৰে । এতিয়া কুটাঘাত নিবিচাৰে । ইফালে অসম আৰক্ষীৰ পৰিকল্পনা সন্দৰ্ভত জি পি সিঙে কয় যে অস্ত্ৰৰ বিৰুদ্ধেহে আৰক্ষীৰ যুঁজ, মানুহৰ বিৰুদ্ধে নহয় । কুটাঘাত আৰু বন্দুক লৈ ওলাই অহা সকলৰ বিৰুদ্ধেহে আৰক্ষীয়ে যুঁজিব বুলি কয় জি পি সিঙে ।

লগতে পঢ়ক :Azadi ka Amrit Mahotsav, মহানগৰীত প্ৰভাত ফেৰীত মুখ্যমন্ত্ৰী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.