যোৰহাট, 2 জানুৱাৰী: ক'ভিড-19 সৃষ্ট পৰিৱেশ কিছু পৰিমাণে স্থিৰ অৱস্থালৈ অহাৰ পাছতে ৰাজ্য চৰকাৰৰ সিদ্ধান্ত মৰ্মে অসমৰ ভিন্ন প্ৰান্তৰ বিদ্যালয় সমূহত পহিলা জানুৱাৰীৰ পৰা নিয়মিত পাঠদান কাৰ্যসূচী আৰম্ভ হৈছে ৷
ইয়াৰ মাজতে যোৰহাটৰ এখন বিদ্যালয়ে ব্যতিক্ৰমী ধৰণে আৰম্ভ কৰিলে নিয়মিত পাঠদান কাৰ্যসূচী ৷ যোৰহাট জিলাৰ মধ্য যোৰহাট শিক্ষা খণ্ডৰ অন্তৰ্গত মঘাই ওজা শিশু নিকেতনত নাম-প্ৰসংগৰে নিয়মিত পাঠদান কাৰ্যসূচী আৰম্ভ কৰা পৰিলক্ষিত হ'ল ৷ বিগত বৰ্ষৰ দৰে পুনৰ যাতে একে পৰিৱেশৰ উদ্ভৱ নহয়,তাৰ কামনা কৰি বিদ্যলয়খনৰ শিক্ষক-শিক্ষয়িত্ৰী,অভিভাৱক তথা ছাত্ৰ ছাত্ৰী সকলে নাম প্ৰসংগৰ আয়োজন কৰে ৷
উল্লেখ্য যে সমগ্ৰ বিশ্বৰ স্বাভাৱিক জীৱন প্ৰায় ব্যাহত কৰি তোলা ক'ভিড-19 অতিমাৰী সৃষ্ট পৰিৱেশৰ পৰিপ্ৰেক্ষিতত চৰকাৰৰ সিদ্ধান্ত মৰ্মে প্ৰায় 10 মাহ ধৰি বিদ্যালয় সমূহত পাঠদান বন্ধ হৈ আছিল ৷ অৱশেষত ক'ৰণা অতিমাৰীয়ে সৃষ্টি কৰা অস্থিৰ পৰিৱেশ কিছু পৰিমাণে স্থিৰ হোৱাত নিৰ্দিষ্ট ক'ভিড-19 সম্পৰ্কীয় নিৰ্দেশাৱলীৰ মাজেৰে নতুন বছৰৰ প্ৰথম দিনটোৰ পৰা বিদ্যালয় সমূহত পাঠদান কাৰ্যসূচী আৰম্ভ কৰা হৈছে ৷
লগতে পঢ়ক:বিগত দুটা বৰ্ষত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত হ্ৰাস পাইছে গঁড় হত্যাৰ ঘটনা