ETV Bharat / state

ৰাজপথত আকৌ জ্বলিল ছাত্ৰ-ছাত্ৰী কঢ়িওৱা বাহন - JORHAT

আপোনাৰ সন্তানক বিদ্যালয়লৈ ছাত্ৰ-ছাত্ৰী কঢ়িওৱা ব্যক্তিগত বাহনত পঠাই নেকি ? আপোনাৰ সন্তান বিদ্যালয়লৈ অহা-যোৱা কৰা বাহনখন কিমান সুৰক্ষিত ? হঠাতে অগ্নিকান্ড সংঘটিত হলে তৎকালীন ভাৱে জুই নিৰ্বাপন কৰিব পৰাকৈ অগ্নি নিৰ্বাপণৰ ব্যৱস্থা আছেনে বাহনখনত ? এইবিষয়ে আপুনি কিমান সজাগ ?

ৰাজপথত আকৌ জ্বলিল ছাত্ৰ-ছাত্ৰী কঢ়িওৱা বাহন
author img

By

Published : May 8, 2019, 3:09 PM IST

ৰাজপথত আকৌ জ্বলি উঠিল বাহন । সচেতন লোকৰ তৎপৰতাত প্ৰাণ ৰক্ষা চালকৰ । চকু মুদা কুলিৰ ভাৱত পৰিবহন বিভাগ । চকুৰ সন্মুখতে দৈনিক চলাচল একাংশ অনুপযোগি বাহন‌ । আপোনাৰ সন্তানক বিদ্যালয়লৈ ছাত্ৰ-ছাত্ৰী কঢ়িওৱা বাহনে নিয়ে নেকি? আপোনাৰ সন্তান বিদ্যালয়লৈ অহা-যোৱা কৰা বাহনখন ব্যৱহাৰৰ উপযোগী নে আপুনি জানেনে? হঠাতে অগ্নিকান্ড সংঘটিত হলে তৎকালীন ভাৱে জুই নিৰ্বাপন কৰিব পৰাকৈ অগ্নি নিৰ্বাপণ সজুলী মজুত আছে নে? এইবোৰৰ বিষয়ে আপুনি জ্ঞাত নে?

আৰু পঢ়ক: বিদ্যুত অবিহনে 79 বছৰ; সাধাৰণ মহিলাৰ অসাধাৰণ কাহিনী

যদি নহয় তেতিয়া হলে আজিৰ পৰা অলপ সাবধান হওক । নতুবা ভয়ংকৰ দূৰ্ঘটনা সংঘটিত হব পাৰে । আজি এই ঘটনা সংঘটিত হয় যোৰহাটৰ ৰাজপথত । সৌভাগ্যক্ৰমে বাহন খনত নাছিল বিদ্যালয়ৰ শিক্ষাৰ্থী । যিহেতু বিদ্যালয়ত শিক্ষাৰ্থী নমাই থৈ অহাৰ পাছত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা । যোৰহাট চহৰৰ ভোগদৈ দলংৰ সমীপত আজি হঠাতে জ্বলি উঠিল AS04C9765 মাৰুটি ভেন । যোৰহাটৰ বাঘচোং ডন বস্কো বিদ্যালয়ত দিচৈ নগৰৰ পৰা ১২ জনকৈ শিক্ষাৰ্থী বিদ্যালয়ত থৈ অহাৰ পাছতেই ঘটনা সংঘটিত হয় ৷ সৌভাগ্য ক্ৰমে স্কুল ভেনখনত ছাত্ৰ-ছাত্ৰী নাছিল যাৰ ফলত ভয়ংকৰ দূৰ্ঘটনাৰ পৰা ৰক্ষা পৰিল । যোৰহাটৰ বিভিন্ন বিদ্যালয় সমূহত ব্যক্তিগত বাহনত বহু সংখ্যক ছাত্ৰ-ছাত্ৰী অহা-যোৱা কৰে । কিন্তু কিছু সংখ্যক বাহন ব্যৱহাৰৰ উপযোগী নহয় ৷ পুৰণা বাহনকে হালধীয়া বৰনৰ ষ্টিটিকাৰ লগাই দৈনিক শিক্ষাৰ্থী সকলত যাতায়ত কৰাৰ অদূৰ ভৱিষ্যতে ভয়াবহ ঘটনা সংঘটিত নহব নুই কৰিব নোৱাৰি । এই ক্ষেত্ৰত পৰিবহন বিভাগ, জিলা প্ৰশাসন লগতে যান-বাহন আৰক্ষীয়ে কি ভূমিকা গ্ৰহণ কৰে সেয়াহে লক্ষণীয় হব ।

ৰাজপথত আকৌ জ্বলি উঠিল বাহন।।সচেতন লোকৰ তৎপৰতা ৰক্ষা চালকৰ।।

চকু মুদা কুলিৰ ভাৱত পৰিবহন বিভাগ।চকুৰ সন্মুখতে দৈনিক চলাচল একাংশ অনুপযোগি বাহন‌।।।

আপোনাৰ সন্তান বিদ্যালয় লৈ ছাত্ৰ-ছাত্ৰী কঢ়িওৱা বাহন নিয়ে নেকি।আপোনাৰ সন্তান বিদ্যালয়লৈ অহা-যোৱা কৰা
বাহনখন ব্যৱহাৰৰ উপযোগী নে আপুনি জানেনে বাৰু।হঠাতে অগ্নিকান্ড সংঘটিত হলে তৎকালীন ভাৱে জুই নিৰ্বাপন কৰিব পৰাকৈ অগ্নি নিৰ্বাপণ সজুলী মজুত আছে নে।এইবোৰৰ বিষয়ে আপুনি জ্বাত নে।যদি নহয় তেতিয়া হলে আজিৰ পৰা অলপ সাবধান হওক।নতুবা ভয়ংকৰ দূৰ্ঘটনা সংঘটিত হব পাৰে।আজি এই ঘটনা সংঘটিত হয় যোৰহাটৰ ৰাজপথত।সৌভাগ্য ক্ৰমে বাহন খনত নাছিল বিদ্যালয়ৰ শিক্ষাৰ্থী।যিহেতু বিদ্যালয়ত শিক্ষাৰ্থী নমাই থৈ অহাৰ পাছত সংঘটিত হয় এই অগ্নি কান্ডৰ ঘটনা।যোৰহাট চহৰৰ ভোগদৈ দলংৰ সমীপত আজি হঠাতে জ্বলি উঠিল as04_c 9765 মাৰুটি ভেন।যোৰহাটৰ বাঘচোং ডন বস্কো বিদ্যালয়ত দিচৈ নগৰৰ পৰা ১২ জনকৈ শিক্ষাৰ্থী বিদ্যালয়ত থৈ অহাৰ পাছতেই ঘটনা সংঘটিত হয়।সৌভাগ্য ক্ৰমে স্কুল ভেন খনত কন কন ছাত্ৰ-ছাত্ৰী নাছিল যাৰ ফলত ভয়ংকৰ দূৰ্ঘটনাৰ পৰা ৰক্ষা পৰিল।যোৰহাটৰ বিভিন্ন বিদ্যালয় সমূহত ব্যক্তিগত বাহনত বহু সংখ্যক ছাত্ৰ-ছাত্ৰী অহা-যোৱা কৰে।কিন্তু কিছু সংখ্যক বাহনৰেই উপযোগী নহয়।পুৰনা বাহনকে হালধীয়া বৰনৰ ষ্টিটিকাৰ লগাই দৈনিক শিক্ষাৰ্থী সকলত যাতায়ত কৰাৰ অদূৰ ভৱিষ্যতে ভয়াবহ ঘটনা সংঘটিত নহব নুই কৰিব নোৱাৰি।এই ক্ষেত্ৰত পৰিবহন বিভাগ, জিলা প্ৰশাসন লগতে যান-বাহন আৰক্ষীয়ে কি ভূমিকা গ্ৰহণ কৰে সেয়াহে লক্ষণীয় হব।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.