ETV Bharat / state

School amalgamation in Assam: বিদ্যালয় একত্ৰীকৰণে আনিছে নতুন সমস্যা

author img

By

Published : Nov 25, 2022, 9:37 PM IST

শেহতীয়াকৈ ৰাজ্যৰ শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে বিদ্যালয়সমুহ একত্ৰীকৰণৰ নিৰ্দেশনা জাৰি কৰিছিল ৷ কিন্তু এই নিৰ্দেশনাই এতিয়া সংঘাত সৃষ্টি কৰিছে যোৰহাট-শিৱসাগৰ জিলাৰ সীমামূৰীয়া বৰলুইতৰ পাৰৰ ৰূপহীমুখত(School amalgamation in Assam at Teok ) ৷

School amalgamation in Assam at Teok
School amalgamation in Assam: ৰাইজে এঘৰীয়া কৰা বুলি সামাজিক মাধ্যমত অভিযোগ, ৰাইজে সভা পাতি জনালে ধিক্কাৰ

টীয়ক, 25 নৱেম্বৰ: প্ৰাথমিকৰ পৰা হাইস্কুল পৰ্যায়লৈকে একে ছাতিৰ তলতে শিক্ষা গ্ৰহণৰ ব্যৱস্থা আৰম্ভ কৰি শেহতীয়াকৈ ৰাজ্যৰ শিক্ষা বিভাগে বিদ্যালয়সমুহ একত্ৰীকৰণৰ নিৰ্দেশনা জাৰি কৰিছিল (School amalgamation in Assam) ৷ কিন্তু এই নিৰ্দেশনাই এতিয়া সংঘাত সৃষ্টি কৰিছে যোৰহাট-শিৱসাগৰ জিলাৰ সীমামূৰীয়া বৰলুইতৰ পাৰৰ ৰূপহীমুখত ৷

বিদ্যালয় একত্ৰীকৰণে আনিছে নতুন সমস্যা

বানেগৰকা তথা অতি ভিতৰুৱা অঞ্চলটোৰ একমাত্ৰ হাইস্কুলীয়া শিক্ষাৰ ভৰসা ৰূপহীমুখ জনজাতি উচ্চ ইংৰাজী বিদ্যালয় ৷ এই বিদ্যালয়খনৰ লগত কাষতে থকা এখন মধ্য ইংৰাজী বিদ্যালয় আৰু ২৬৪ নং ৰূপহীমুখ কুমাৰ প্ৰাথমিক বিদ্যালয় চামিলকৰণৰ নিৰ্দেশনা অহাৰ পিছত স্থানীয় ৰাইজে একমাত্ৰ হাইস্কুলখন বচোৱাৰ স্বাৰ্থত চৰকাৰী নিৰ্দেশনাক আদৰণি জনাই সমৰ্থন আগবঢ়াইছিল (School amalgamation in Assam at Teok )৷

কিন্তু ২৬৪ নং ৰূপহী কুমাৰ প্ৰাথমিক বিদ্যালয় আকোৰগোঁজ ৷ নিৰ্দেশনাৰ পাছতো বিদ্যালয়খনে হাইস্কুলৰ লগত চামিল হ’বলৈ মান্তি হোৱা নাই ৷ এই সমস্যা সমাধান নহওঁতেই একেখন গাঁৱৰে কনক চাহু নামৰ এজন লোকে বিদ্যালয় একত্ৰীকৰণৰ প্ৰস্তাৱ মানি লবলৈ মান্তি নহয় ৷

বিগত কেইবাদিন ধৰি তেওঁ গাঁওখনৰ লোকসকলৰ পৰা ফালৰি কাটি অকলে বিদ্যালয় একত্ৰীকৰণৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে ৷ গাঁওবাসীয়ে এই কথা গম পায় লোকজনক গাঁওবাসীৰ লগত আলোচনাত বহিবলৈ আমন্ত্ৰণ জনায় ৷ কিন্তু গাওঁবাসীৰ আমন্ত্ৰণক আওকান কৰি তেওঁ নানান অজুহাত দেখুৱাই গাঁওবাসীৰ পৰা আঁতৰি আঁতৰি থাকিবলৈ লয় ৷

তেওঁ কেইবাবাৰো বিভিন্ন অজুহাত দেখুৱাই ৰাইজৰ পৰা আঁতৰি আঁতৰি থাকে ৷ ইয়াৰোপৰি শেহতীয়াকৈ লোকজনে সামাজিক মাধ্যমত তেওঁক গাঁওবাসীয়ে এঘৰীয়া কৰা বুলিও এটা পোষ্ট দি গাওঁবাসীৰ ওপৰত অভিযোগ উত্থাপন কৰিছিল ৷

এই ঘটনাৰ কথা কথা গম পাই গাঁওবাসী জাঙুৰ খাই উঠে কনক চাহুৰ বিৰুদ্ধে ৷ এঘৰীয়া কৰা বুলি ভুৱা প্ৰচাৰ চলাই এখন বৃহৎ গাঁৱৰ ৰাইজক হেয় কৰাক লৈ ক্ষুব্ধ হৈ পৰা ৰাইজে শুকুৰবাৰে এক সভা আয়োজন কৰিলে মূৰংঘৰত ৷ কনক চাহুৰ এই ভুৱা অভিযোগ নস্যাৎ কৰি গাঁওবাসীয়ে এই কথা ভুৱা বুলি মন্তব্য প্ৰকাশ কৰে ৷

লগতে পঢ়ক: Rama Kanta Dewri controversy: গোচৰ ৰুজু কৰাক লৈ প্ৰতিক্ৰিয়া বিধায়ক ৰমাকান্ত দেউৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.