যোৰহাট, 5 মাৰ্চঃ স্বাধীনতাৰ ৭০ বছৰৰ পিচতো কোনো চৰকাৰে অনুসুচিত জাতিৰ বাবে কোনো ধৰণৰ বিশেষ উন্নয়নৰ কাম নকৰাৰ অভিযোগ অনুসুচিত জাতি যুৱ ছাত্র পৰিষদৰ ৷ আজি প্ৰায় ৪০ লাখ অনুসুচিত জাতিৰ প্ৰকৃত অৰ্থত উন্নয়নৰ দাবীৰে যোৰহাটত এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ছাত্র সংগঠনটোৱে ৷ যোৰহাট জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত অৱস্থান ধৰ্মঘটেৰে এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ন কৰে যোৰহাট অনুসুচিত জাতি ছাত্র সংগঠনৰ সদস্যসকলে ৷ যদি চৰকাৰে বৃহৎ অনুসুচিত জাতিৰ প্ৰকৃত উন্নয়ন সাধন নকৰে তেনেহলে অনাগত দিনত জংগী আন্দোলনৰ হুংকাৰ প্ৰদান কৰে সংগঠনটোৱে ৷
লগতে পঢ়কঃ গোলাঘাট জিলাৰ বৰফলং চাহ বাগিছাত সাব্যস্ত প্ৰতিবাদ