তিতাবৰ, 9 জুন : সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত দৰিদ্ৰতাক নেওচি উজলি উঠিল যোৰহাট তিতাবৰৰ বিবিজানৰ মেধাৱী ছাত্ৰী শ্বাস্বতী ফুকন ৷ সৰুৰে পৰা অত্যন্ত কষ্টৰ মাজেৰ পঢ়া শুনা কৰিবলগীয়া হোৱা কৃতি ছাত্ৰী গৰাকীৰ সফলতাত উৎফুল্লিত হৈ পৰিছে স্থানীয় ৰাইজ ৷ ভৱিষ্যতে এগৰাকী প্ৰশাসনিক বিষয়া বোৱাৰ সপোন পিতৃহীনা ছাত্ৰী গৰাকীৰ ৷
উল্লেখ্য যে, শ্ৰীমন্ত শংকৰ বিদ্যাপীঠৰ পৰা 5 টা বিষয়ত লেটাৰ সহ 85.83 শতাংশ নম্বৰ লাভ কৰিছে ছাত্ৰী গৰাকীয়ে ৷ শ্বাস্বতীৰ এই সফলতাত সুখী দিন ৰাতি কষ্ট কৰি পৰিয়াল পুহ পাল দিয়া মাতৃ সুমিত্ৰা ফুকন ৷ দৰিদ্ৰতা যে শিক্ষাৰ হেঙাৰ হ'ব নোৱাৰে সেইকথা পুনৰ প্ৰমাণ কৰি দেখুৱালে শ্বাস্বতী ফুকনে ৷
লগতে পঢ়কঃআন্দোলন কৰি হোম কোৱাৰেন্টাইনলৈ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ 13 কৰ্মী