ETV Bharat / state

আদৰ্শৰ উৎকৃষ্ট উদাহৰণ ব’হাগী আত্মসহায়ক গোট

author img

By

Published : Apr 21, 2019, 10:09 PM IST

মহিলা কেইগৰাকীয়ে প্ৰতিমাহে 2500 টা নুনি আৰু এৰিৰ লেটাৰে 20 কেজি সূতা উৎপাদন কৰি আহিছে আৰু প্ৰত্যেক কেজি সূতাত 3000 টকাকৈ বিক্ৰী কৰে ।

আদৰ্শৰ উৎকৃষ্ট উদাহৰন বহাগী আত্ম সহায়ক গোট

মৰিয়নি, 21 এপ্ৰিলঃ মৰিয়নীৰ চেৰেলি গাঁৱৰ ব’হাগী আত্ম সহায়ক গোটে এৰি পলু পালনেৰে আদৰ্শৰ উৎকৃষ্ট উদাহৰণ দাঙি ধৰিলে । নিজৰ লগতে পৰিয়ালকো পোহপাল মহিলা কেইগৰাকীৰ ।

আদৰ্শৰ উৎকৃষ্ট উদাহৰন বহাগী আত্ম সহায়ক গোট

কৰ্মবিমুখিতাৰ বিপৰীতে উৎকৃষ্ট উদাহৰণ ব’হাগী আত্মসহায়ক গোট । যি সময়ত একাংশ মহিলাই বন্ধন গোটৰ দৰে একাধিক বিত্তীয় প্ৰতিষ্ঠানৰ পৰা ঋণলৈ সৰ্বস্বান্ত হ’ব লগা হৈছে, সেই সময়তে কেই গৰাকীমান মহিলাই নিজৰ কৰ্মদক্ষতাৰে উপাৰ্জন কৰি বাতৰিৰ শিৰোনাম দখল কৰিছে । মহিলা কেইগৰাকীয়ে নিজ স্বামীৰ উপাৰ্জনলৈ বাট নাচাই আত্মসহায়ক গোট গঠন কৰি কৰ্মবিমুখিতাৰ বিপৰীতে উৎকৃষ্ট নিৰ্দশন দাঙি ধৰিবলৈ সক্ষম হ'ল তেওঁলোকৰ ধৈৰ্য্য, একাগ্ৰতাৰ বাবে । বৰ্তমান মহিলা কেইগৰাকীয়ে প্ৰতিমাহে 2500 টা নুনি আৰু এৰিৰ লেটা উৎপাদন কৰি 20 কেজি সূতা উৎপাদন কৰি আহিছে , আৰু প্ৰত্যেক কেজি সূতাত 3000 টকাকৈ বিক্ৰী কৰে তেওঁলোকে । ব’হাগী আত্মসহায়ক গোটৰ সদস্য সকলে নিজৰ লগতে আনকো স্বাৱলম্বিতাৰ উৎকৃষ্ট উদাহৰণ হৈ ৰ'ল সকলোৰে কাৰণে ।

Intro:বহাগীয়ে এক নিদৰ্শন ডাঙি ধৰিছে আত্মসহায়ক গোটক: কৰ্মবিমূখতাৰ বিপৰীতে এক উৎকৃষ্ট উদাহৰন বহাগীৰBody:MARIANI SELF HELP GROUP

বহাগীয়ে এক নিদৰ্শন ডাঙি ধৰিছে আত্মসহায়ক গোটক: কৰ্মবিমূখতাৰ বিপৰীতে এক উৎকৃষ্ট উদাহৰন বহাগীৰ

যি সময়ত একাংশ মহিলাই বন্ধন গোটৰ দৰে একাধিক বিত্তীয় প্ৰতিষ্ঠানৰ পৰা ঋণলৈ সৰ্বশ্ৰান্ত হব লগা হৈছে সেই সময়তে কেই গৰাকীমান মহিলাই নিজৰ কৰ্মদক্ষতাৰে উপাৰ্জন কৰি বাতৰিৰ শিৰোনাম দখল কৰিছে।এই সকল মহিলাই নিজ স্বামীৰ উপাৰ্জনলৈ বাট নাচাই আত্ম সহায়ক গোট গঠন কৰি কৰ্মবিমূখতাৰ বিপৰীতে উৎকৃষ্ট নিৰ্দশন দাঙি ধৰিছে। এয়া অসম নাগালেণ্ড সীমান্তবৰ্তী মৰিয়নীৰ অতি ভিতৰুৱা গাঁও চেৰেলি গাঁওৰ দৃশ্য। এই গাওঁৰে নিভা গগৈৰ নেতৃত্বত কান্তি গগৈ,ইন্দ্ৰানী গগৈ, ৰঞ্জু গগৈ প্ৰমুখ্যে মহিলা কেইগৰাকীমান একেলগে বহাগী নামৰ এটা আত্মসহায়ক গোট গঠন কৰে। বহাগীৰ এই মহিলা সকলে বছৰৰ বাৰ মাহেই এৰি আৰু নুনি পলু পুহি মাহে প্ৰায়৬০০০ টকাকৈ উপাৰ্জন কৰি এক নিৰ্দশন ডাঙি ধৰিছে। বৰ্তমান মহিলা কেইগৰাকীয়ে ২৫০০ টা নুনি আৰু এৰিৰ লেটা উৎপাদন কৰি ঘৰতে সুতা কাটি ২০কেজি সুতা লাভ কৰিছে আৰু প্ৰত্যেক কেজি সুতাত ৩০০০টকাকৈ বিক্ৰী কৰি আহিছে। বহাগী নামৰ এই আত্মসহায়ক গোটটোয়ে বছৰৰ বাৰ মাহেই পলু পুহি পৰিয়াল পোহপাল দিয়া মহিলা কেইগৰাকীক অসম চৰকাৰৰ চেৰিকাল্চাৰৰ ফালৰ পৰা আজিকোপতি কোনোধৰণৰ সাহায্য প্ৰদান কৰা হোৱা নাই।

Ranjit Borah
MarianiConclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.