ETV Bharat / state

Deuram Tasa Award 2023: সাদিন-প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰী জয়ন্ত বৰুৱালৈ দেউৰাম তাছা স্মাৰক বঁটা

যোৰহাটত গৱেষক-সাহিত্যিক দেউৰাম তাছা স্মৃতি দিৱস পালন ৷ জয়ন্ত বৰুৱাক 'দেউৰাম তাছা স্মাৰক বঁটা' আৰু মাখনলাল বাঢ়ৈক 'ডিম্বেশ্বৰ তাছা স্মাৰক বঁটা' প্ৰদান ৷ দৃষ্টিহীন শিক্ষাৰ্থীৰ বাবে প্ৰকাশ কৰি উলিওৱা হ'ব হেমকোষৰ বেইলী সংস্কৰণ ।

Deuram Tasa Memorial Award to Jayant Baruah
জয়ন্ত বৰুৱালৈ দেউৰাম তাছা স্মাৰক বঁটা
author img

By

Published : Jul 19, 2023, 7:50 AM IST

যোৰহাটত দেউৰাম তাছা স্মৃতি দিৱস পালন

যোৰহাট, 19 জুলাই : যোৰহাট জিলা সাহিত্য সভা আৰু 'গৱেষক-সাহিত্যিক দেউৰাম তাছা স্মৃতি-ৰক্ষা সমিতি'ৰ উদ্যোগত মংগলবাৰে দানবীৰ ৰাধাকান্ত সন্দিকৈ ভৱনৰ প্ৰেক্ষাগৃহত 'দেউৰাম তাছা স্মৃতি দিৱস' আৰু 'দেউৰাম তাছা, ডিম্বেশ্বৰ তাছা স্মাৰক বঁটা' প্ৰদান অনুষ্ঠান অনুষ্ঠিত হৈ যায় ৷ অসম সাহিত্য সভাৰ কেন্দ্ৰীয় কাৰ্যালয়ৰ সম্পাদক ক্ষীৰোদ দাসে আঁত ধৰা অনুষ্ঠানটি সঞ্চালনা কৰে যোৰহাট জিলা সাহিত্য সভাৰ সভাপতি ভৱ গোস্বামীয়ে ৷ অনুষ্ঠানৰ আৰম্ভণিতে 'চিৰ চেনেহী মোৰ ভাষা জননী' গীত পৰিৱেশন কৰা হয় ৷ ইয়াৰ পিছতে অনুষ্ঠিত স্মৃতি তৰ্পণ অনুষ্ঠানত দেউৰাম তাছাৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰি স্মৃতি তৰ্পণ কৰে যোৰহাট জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি নীৰদা গগৈ বৰা, যোৰহাট জিলা সাহিত্য সভাৰ উপ-সভাপতি মহেন্দ্ৰ নাথ হাজৰিকা আৰু দেউৰাম তাছা স্মৃতি-ৰক্ষা সমিতিৰ সভাপতি দীনেশ্বৰ তাছাই ৷

অসম সাহিত্য সভাৰ প্ৰাক্তন প্ৰধান সম্পাদক তথা বিশিষ্ট ভাষাবিদ ড° বসন্ত কুমাৰ গোস্বামীয়ে অনুষ্ঠানটি উদ্বোধন কৰে ৷ এই অনুষ্ঠানত 'দেউৰাম তাছা স্মাৰক বঁটা' আগবঢ়োৱা হয় সাদিন-প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰী জয়ন্ত বৰুৱালৈ ৷ বঁটা গ্ৰহণ কৰি জয়ন্ত বৰুৱাই এই সন্মানে জাতীয় জীৱনৰ প্ৰতি তেওঁৰ দায়বদ্ধতা বৃদ্ধি কৰা বুলি মত প্ৰকাশ কৰে ৷ একে অনুষ্ঠানতে 'ডিম্বেশ্বৰ তাছা স্মাৰক বঁটা' বিশিষ্ট সাহিত্যিক,সমাজকৰ্মী মাখনলাল বাঢ়ৈক প্ৰদান কৰা হয় ৷ উল্লেখযোগ্য যে,'দেউৰাম তাছা স্মাৰক বঁটা'ত আছে নগদ বিশ হাজাৰ টকা, গামোচা, চেলেং, জাপি,ফুলৰ থোপা, স্মাৰক, সম্বৰ্ধনা পত্ৰ ৷ আনহাতে 'ডিম্বেশ্বৰ তাছা স্মাৰক বঁটা'ত অন্যান্য সামগ্ৰীসমূহৰ লগতে আছে নগদ দহ হাজাৰ টকা ৷

দেউৰাম তাছা স্মাৰক বঁটাপ্ৰাপক জয়ন্ত বৰুৱাই বঁটাৰ ধনৰাশি সভাকে পুনৰ প্ৰদান কৰে ৷ অনুষ্ঠানটোত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থকা অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক ড° উপেন্দ্ৰজিৎ শৰ্মাই অসমৰ সমাজ-সংস্কৃতি আৰু সাহিত্যলৈ দেউৰাম তাছাদেৱৰ অৱদানৰ বিষয়ে এক বিশ্লেষণাত্মক আলোচনা আগবঢ়ায় ৷ ড° শৰ্মাই কয় , "দেউৰাম তাছাদেৱৰ ৰচনাশৈলী সমাজৰ সকলো স্তৰৰ পাঠকৰ বাবে বোধগম্য হোৱাকৈ সহজ-সৰল আছিল ৷ অসমৰ চাহ জনগোষ্ঠীয় সমাজত প্ৰচলিত জঁতুৱা-ঠাঁচ, খণ্ডবাক্য আদিৰ প্ৰয়োগ দেউৰাম তাছাদেৱৰ ৰচনাশৈলীৰ বৈশিষ্ট্য আছিল ৷ অসম সাহিত্য সভাৰ কাৰ্যনিৰ্বাহক সদস্য হিচাপে তেখেতে অসমৰ এই সৰ্ববৃহৎ জাতীয় অনুষ্ঠানটিলৈ সেৱা আগবঢ়াইছিল ৷ তাছাদেৱৰ আদৰ্শৰে নতুন প্ৰজন্মক আগবঢ়াই নিব পাৰিলেহে তেখেতৰ প্ৰতি প্ৰকৃত সন্মান প্ৰদৰ্শন কৰা হ'ব ৷"

এই অনুষ্ঠানতে কবিতা তাছাৰ দ্বাৰা সম্পাদিত স্মৃতিগ্ৰন্থ 'আল্‌পনা' উন্মোচন কৰে অনুষ্ঠানৰ মুখ্য অতিথি, অসম সাহিত্য সভাৰ সভাপতি ড° সূৰ্যকান্ত হাজৰিকাই ৷ বঁটাপ্ৰাপক জয়ন্ত বৰুৱাই অসম সাহিত্য সভাৰ প্ৰস্তাৱিত সংগ্ৰহালয়ৰ দুটা মহলা ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱা আৰু গৱেষক-সাহিত্যিক দেউৰাম তাছাৰ নামত নিৰ্মাণ কৰি দিয়াৰ প্ৰতিশ্ৰুতি দিয়াৰ লগতে দৃষ্টিহীন শিক্ষাৰ্থীৰ বাবে হেমকোষৰ বেইলি সংস্কৰণ প্ৰকাশ কৰি উলিওৱা হ'ব বুলি জানিবলৈ দিয়ে ।

লগতে পঢ়ক : BJP workers hooliganism: সাংসদ প্ৰদ্যুৎ বৰদলৈক আধাৰশিলা স্থাপনত বাধা পীযুষ হাজৰীকাৰ সমৰ্থকৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.