ETV Bharat / state

কংগ্ৰেছ-এআইইউডিফ মিত্ৰতাৰ বিৰোধিতা বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ - কংগ্ৰেছে এআইইউডিফ মিত্ৰতা বাতৰি

ৰূপজ্যোতি কুৰ্মীয়ে কয় যে, 136 বছৰীয়া গৰিমা থকা কংগ্ৰেছ দলৰ নিজৰ ওপৰত বিশ্বাস নথকাৰ ফলত এআইিউডিএফৰ সৈতে মিত্ৰতা কৰিছে ৷ ইয়ে কংগ্ৰেছৰ গৰিমাক হ্ৰাস কৰিছে ৷ 2001 চনৰ নিৰ্বাচনৰ সময়ছোৱাতো কংগ্ৰেছে একে পৰিস্থিতিৰ সন্মুখীন হৈছিল ৷ কিন্তু সেই সময়ত দলটোৰ নেতাসকলে বহু কষ্ট কৰি গাঁৱে ভূঞে গৈ ৰাইজৰ বিশ্বাস অৰ্জন কৰিবলৈ সক্ষম হৈছিল ৷

Rupjyoti Kurmi opposes Congress AIUDF alliance
কংগ্ৰেছে এআইইউডিফ মিত্ৰতাৰ বিৰোধীতা বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ
author img

By

Published : Aug 23, 2020, 10:17 PM IST

মৰিয়নী, 23 আগষ্টঃ 2021 বৰ্ষৰ বিধানসভা নিৰ্বাচনৰ বাবে কংগ্ৰেছে এআইইউডিফৰ সৈতে মিত্ৰতা কৰাক কেন্দ্ৰ কৰি দলটোত সৃষ্টি হৈছে বিভাজনৰ ৷ বিভিন্নজনে এই মিত্ৰতাক আকোৱালি ল’লেও কিছু সংখ্যক বিধায়কে ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছে ৷ সমান্তৰালকৈ মৰিয়নী সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীয়েও এই মিত্ৰতাৰ ঘোৰ বিৰোধিতা কৰিছে ৷

ৰূপজ্যোতি কুৰ্মীয়ে কয় যে, 136 বছৰীয়া গৰিমা থকা কংগ্ৰেছ দলৰ নিজৰ ওপৰত বিশ্বাস নথকাৰ ফলত এআইিউডিএফৰ সৈতে মিত্ৰতা কৰিছে ৷ ইয়ে কংগ্ৰেছৰ গৰিমাক হ্ৰাস কৰিছে ৷ 2001 চনৰ নিৰ্বাচনৰ সময়ছোৱাতো কংগ্ৰেছে একে পৰিস্থিতিৰ সন্মুখীন হৈছিল ৷ কিন্তু সেই সময়ত দলটোৰ নেতাসকলে বহু কষ্ট কৰি গাঁৱে ভূঞে গৈ ৰাইজৰ বিশ্বাস অৰ্জন কৰিবলৈ চেষ্টা কৰিছিল ৷ এই ক্ষেত্ৰত কংগ্ৰেছে মিচিং,দেউৰী,কাৰ্বি,বড়ো ইত্যাদি জনগোষ্ঠীৰ নেতা সৃষ্টি নকৰি সহজ উপায়েৰে এআইইউডিএফৰ সৈতে মিত্ৰতা কৰা কাৰ্যৰ বিৰোধিতা কৰে বিধায়কগৰাকীয়ে ৷ তেখেতে কয় যে, তেখেত আৰম্ভনিৰে পৰা কংগ্ৰেছ এআইইউডিএফৰ মিত্ৰতাৰ বিৰোধী আছিল ৷ কংগ্ৰছে এই সিদ্ধান্তৰ পুনৰ বিবেচনা নকৰিলে অনাগত দিনত চৰম পন্থা অৱলম্বন কৰাৰো হুংকাৰ দিয়ে বিধায়ক ৰূপজ্যোতি কুৰ্মীয়ে ৷

কংগ্ৰেছে এআইইউডিফ মিত্ৰতাৰ বিৰোধীতা বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ

লগতে পঢ়ক-দুধনৈত দুৰ্ঘটনা: থিতাতে নিহত 2, আহত 4

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.