ETV Bharat / state

Self reliant women of Jorhat:পৰম্পৰাগত খাদ্য সম্ভাৰৰে উজলিছে ৰূপজ্যোতি বৰা

author img

By

Published : Mar 8, 2023, 2:05 PM IST

অসমীয়াৰ পৰম্পৰাগত খাদ্যৰে স্বাৱলম্বীতাৰ পথ দেখুৱাইছে টীয়কৰ ৰূপজ্যোতি বৰাই (Traditional Assamese food product in Teok)। কেৱল টীয়ক,কাকজানতে সীমাৱদ্ধ নাথাকি অসমৰ বিভিন্ন প্ৰান্তলৈও বিস্তাৰিত হৈছে তেওঁ এই খাদ্য় ।

Self reliant women of Teok
জুহালখনক ব্যৱসায়িক ক্ষেত্ৰলৈ পৰ্যৱসিত কৰিছে ৰূপজ্যোতি বৰাই

টীয়ক, ৮ মাৰ্চ: সমগ্ৰ বিশ্বৰ লগতে অসমতো বুধবাৰে পালন কৰা হৈছে আন্তৰ্জাতিক নাৰী দিৱস (International Womens Day in Assam) ৷ বিশ্বৰ বিভিন্ন প্ৰান্তত এই দিৱস উদযাপন কৰাৰ লক্ষ্য ভিন্ন । ক'ৰবাত যদি নাৰীৰ প্ৰতি সন্মান আৰু শ্ৰদ্ধা নিবেদনৰ উদ্দেশ্যে, আন ক'ৰবাত আকৌ মহিলাসকলৰ আৰ্থিক, ৰাজনৈতিক আৰু সামাজিক দায়বদ্ধতা প্ৰতিষ্ঠাৰ উদ্দেশ্যে এই দিৱস পালন কৰি অহা হৈছে । সাম্প্ৰতিক সময়ত পুৰুষৰ সমানেই আগবাঢ়ি গৈছে মহিলা সকল ৷ আধুনিক নাৰীসকলে সমাজৰ বাধা নেওচি জীৱন সংগ্ৰাম চলাই বিশ্ববাসীৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে । এই ক্ষেত্ৰত পিছ পৰি থকা নাই অসমৰ মহিলা সমাজ । টীয়কৰ ৰূপজ্যোতি বৰা নামৰ মহিলাগৰাকীয়ে আজিৰ এই বিশেষ দিনটোতো ব্য়স্ত হৈ পৰিছে নিজৰ কৰ্ম ক্ষেত্ৰখনত (Self reliant women of Teok) ।

যোৰহাট জিলাৰ টীয়কৰ কাকজান দুলীয়া গাঁৱৰ ৰূপজ্যোতি বৰাই নিজৰ ঘৰৰ জুহালখনক ব্যৱসায়িক ক্ষেত্ৰলৈ পৰ্যৱসিত কৰি সকলোৰে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে । এগৰাকী সফল গৃহিণী হোৱাৰ লগতে আন কেইবাগৰাকী মহিলাকো স্বাৱলম্বীতাৰ পথ দেখুৱাইছে এইগৰাকী মহিলাই (Women of Teok making traditional Assamese food) । ৰূপজ্যোতিয়ে অসমীয়াৰ পৰম্পৰাগত খাদ্য তিলপিঠা, তেল দিয়া পিঠাকে ধৰি আঠবিধ পিঠা, কেইবাবিধ লাড়ু আদি নিজৰ ঘৰৰ জুহালত প্ৰস্তুত কৰি সেইসমূহ বজাৰত বিক্ৰী কৰি উপাৰ্জনৰ পথ বাচি লৈছিল আজিৰ পৰা আঠ বছৰ পূৰ্বে ।

প্ৰথমে অনুষ্টুপীয়াকৈ আৰম্ভ কৰা ৰূপজ্যোতিৰ এই পিঠা পনাই আজি এখন উপযুক্ত বজাৰ দখল কৰিবলৈ সক্ষম হৈছে । লাহে লাহে ৰূপজ্যোতি ফুড প্ৰডাক্ট নামেৰে আৰম্ভ কৰা এই জয় যাত্ৰা কেৱল টীয়ক, কাকজানতে সীমাৱদ্ধ নাথাকি অসমৰ বিভিন্ন প্ৰান্তলৈও বিস্তাৰিত হৈছে (Rupjyoti Food Products in Teok) ।

শেহতীয়াকৈ নিজৰ কষ্টোপাৰ্জিত ধনৰে এখন বাহন ক্ৰয় কৰি উৎপাদিত সামগ্ৰী সেইখন বাহনেৰে বজাৰত উপলব্ধ কৰাইছে ৰূপজ্যোতিয়ে । পিঠা পনা প্ৰস্তত কৰি সেইবোৰ বজাৰত বিক্ৰী কৰি উপাৰ্জন কৰা ধনেৰে নিজৰ পৰিয়ালটোক পোহপাল দি আহিছে ৰূপজ্যোতিয়ে। এই প্ৰসংগত তেওঁ কয় যে আৰম্ভণিৰে পৰাই তিলপিঠা, তেল দিয়া পিঠা আদিৰ অৰ্ডাৰ লাভ কৰি আহিছে । এই খাদ্য়ৰ বজাৰত চাহিদা বেছি বুলিও তেওঁ কয় ।

লগতে পঢ়ক:PM Modi holds meeting with Assam cabinet: কইনাধৰাত অসম চৰকাৰৰ কেবিনেট মন্ত্ৰীৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ বৈঠক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.