ETV Bharat / state

ভাৰত বন্ধৰ উৰা বাতৰিত স্তব্ধ হৈ পৰিল যোৰহাট - স্তব্ধ যোৰহাট

পাকিস্তান মুৰ্দাবাদ ধ্বনিৰে উত্তাল ৰাজপথ

ভাৰত বন্ধৰ উৰা বাতৰিত স্তব্ধ হৈ পৰিল যোৰহাট
author img

By

Published : Feb 16, 2019, 2:01 PM IST

যোৰহাট, ১৬ ফেব্ৰুৱাৰীঃ ভাৰত বন্ধ বুলি প্ৰচাৰহোৱা উৰাবাতৰিৰ প্ৰভাৱত হঠাতে বন্ধ হৈ পৰিল যোৰহাত চহৰৰ ব্যৱসায়িক প্ৰতিস্থান। পুৱাৰ ভাগত খোলা ব্যৱসায়িক প্ৰতিষ্ঠান সমূহ হঠাতে বন্ধ হৈ পৰাত হতভম্ব হৈ পৰে একাংশ লোক। প্ৰকৃততে কাশ্মীৰত সন্ত্ৰাসবাদী আক্ৰমণত নিহত হোৱা ভাৰতীয় চি আৰ পি এফ ৰ জোৱান সকললৈ শ্ৰদ্ধাঞ্জলী হিচাপে ভাৰত বন্ধ দিয়া বুলি একাংশ লোকে উৰাবাতৰি বিয়পাই আছিল। কিন্তু এই বন্ধ সম্পৰ্কে প্ৰশাসন অথবা কোনো লোকৰ হাতত নাছিল কোনো নিশ্চিত তথ্য।

etv bharat assam
ভাৰত বন্ধৰ উৰা বাতৰিত স্তব্ধ হৈ পৰিল যোৰহাট
undefined

যোৰহাট চহৰৰ ব্য়ৱসায়ী সকলে সন্তাসবাদীৰ আক্ৰমণত শ্বহীদ হোৱা চি আৰ পি এফৰ জোৱান সকললৈ শ্ৰদ্ধাঞ্জলী হিচাপে বন্ধ দিয়া বুলি শুনি স্বতঃফুৰ্ত ভাবে ব্যৱসায়িক প্ৰতিস্থানবোৰ বন্ধ কৰে। চহৰ খনৰ দোকান বজাৰৰ লগতে বন্ধ হৈ পৰে বিত্তীয় প্ৰতিষ্ঠান।

পাকিস্তান মুৰ্দাবাদ ধ্বনীৰে উত্তাল ৰাজপথ
undefined

আনহাতে সদৌ অসম সংখ্যা লঘু ছাত্র ইউনিয়ন(আমছু)ৰ উদ্যোগত চহৰখনৰ মাজৰে এক প্ৰতিবাদী সমদল উলিয়াই পাকিস্তানৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। পাকিস্তান মুৰ্দাবাদ ধ্বনিৰে শতাধিক পুৰুষ মহিলাই অংশগ্ৰহন কৰে।

Intro:উৰা বাতৰি কৱলত যোৰহাট। বন্ধ হৈ পৰিল বেৱসায়িক প্ৰতিস্ঠান।।পাকিস্তান মুৰ্দাবাদ ধ্বনীৰে উত্তাল ৰাজপথ।

Body:হঠাতে বন্ধ হৈ পৰিল যোৰহাটৰ বেৱসায়িক প্ৰতিস্ঠান।পূৱাৰ ভাগত খোলা বেৱসায়িক প্ৰতিষ্ঠান সমূহ হঠাতে বন্ধ হৈ পৰাত হতভম্ব হৈ পৰিছে সকলো।কাৰো হাতত নাই আচলতে বন্ধ দিছে কোনে।মুঠৰ ওপৰত এগন পাছত এখন বেৱসায়িক প্ৰতিস্ঠান বন্ধ হৈ পৰিল।আনকি প্ৰশাসন আৰু আৰক্ষীৰ হাতত ও নাই কোনো তথ্য।একপ্ৰকাৰ উৰা বাতৰি।কোনো জাতীয় সংগঠনে দিয়া নাই যোৰহাট বন্ধ।কোনো কৈছে বেৱসায়িক সন্হাই স্বতৰ্ফুত ভাৱে কৰিছে বন্ধ।কিন্তু আমি যেতিয়া চৰ জমিন অনুসন্ধান কৰিলো সকলো পক্ষৰ যোগাযোগ কৰাত জানিৱ পাৰিলো প্ৰকৃততে কোনোৱেও বন্ধ দিয়া নাছিল।হঠাতে বন্ধ বুলি উলোৱা উৰা বাতৰি য়ে স্তব্ধ কৰি দিয়ে যোৰহাটৰ চহৰৰ সকলোবোৰ বেৱসায়িক প্ৰতিস্ঠানসমুহ।আনকি বেংক ও বন্ধ হৈ পৰিল।

একমাত্ৰ জম্মু-কাশ্মীৰৰ সন্ত্ৰাসবাদীৰ হাতত মৃত্যু হোৱা বীৰ শ্বহীদ সকললৈ সন্মান প্ৰদৰ্শন কৰি বন্ধ কৰা হৈছে বুলি ভাবি লৈছে সকলোৱে।

আনহাতে সদৌ অসম সংখ্যা লঘূ ছাত্র ইউনিয়ন(আমছূ)উদ্যোগত চহৰখনৰ মাজৰে এক প্ৰতিবাদী সমদল কৰি প্ৰতিবাদ সাব্যস্ত কৰে পাকিস্তানৰ বিৰুদ্ধে।পাকিস্তান মুৰ্দাবাদ ধ্বনিৰে চহৰৰ মাজৰে প্ৰতিবাদী সমদলত শতাধিক পুৰুষ মহিলা উলাই আহি প্ৰতিবাদ সাব্যস্ত কৰে।

Conclusion:মুঠৰ ওপৰত এক উৰা বাতৰিয়ে বন্ধ কৰে যোৰহাট চহৰৰ সকলো বেৱসায়িক প্ৰতিস্ঠান।
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.