ETV Bharat / state

চাৰিমহীয়া সন্তানক বুকুত সাৱটি স্বামীলৈ আশাৰে বাট চাইছে শতাব্দী শইকীয়াই

author img

By

Published : Apr 26, 2021, 6:10 PM IST

চাৰিমহীয়া সন্তানক বুকুত সাবটি স্বামী আহিব বুলি বাট চাই আছে ৰিতুল শইকীয়াৰ পত্নী শতাব্দী শইকীয়াই । পাঁচটা দিন অতিক্ৰম কৰাৰ পাচতো কোনো সম্ভেদ নোলোৱাত কান্দি উঠিছে শতাব্দী শইকীয়াৰ হৃদয় । অ’এনজিচিৰ অপহৃত কৰ্মচাৰী ৰিতুল শইকীয়াৰ চাৰিমহীয়া সন্তানটিৰ ভৱিষ্যত জীৱনলৈও আহি পৰিছে এতিয়া চৰম অনিশ্চয়তা ।

চাৰিমহীয়া সন্তানক বুকুত সাবটি লৈ আশাৰে বাট চাই আছে ৰিতুলৰ পত্নী শতাব্দী শইকীয়াই

তিতাবৰ, ২৬ এপ্ৰিল : যোৱা ২১ এপ্ৰিলৰ পৰা পাঁচটা দিন অতিক্ৰম কৰাৰ পাচতো কোনো সম্ভেদ নাই অ’এনজিচিৰ অপহৃত কৰ্মচাৰী ৰিতুল শইকীয়াৰ । অপহৰণ কাণ্ডৰ দুটা দিনৰ পাচতে শুকুৰবাৰে নিশা অপহৃত দুগৰাকী কৰ্মচাৰী মোহিনী মোহন গগৈ আৰু অলকেশ শইকীয়াই মুক্তি পালে যদিও এতিয়াও কোনো সম্ভেদ নাই ৰিতুল শইকীয়াৰ । কিন্তু ৰিতুল শইকীয়াৰ বৰ্তমানৰ স্থিতি সম্পৰ্কত আলফাৰ প্ৰতিক্ৰিয়া আৰু মুকলি হৈ অহা দুই অপহৃতৰ মন্তব্যৰ মাজত পৰিলক্ষিত হৈছে চৰম বিভ্ৰান্তি । যাৰবাবে অধিক উদ্বিগ্ন হৈ পৰিছে ৰিতুলৰ পৰিয়ালৰ লগতে পত্নী শতাব্দী শইকীয়া । কোলাত চাৰিমহীয়া সন্তানক লৈ এতিয়াও স্বামী ঘৰলৈ সুস্থ শৰীৰে উভতি অহাৰ আশাত বন্দী হৈ আছে দুৰ্ভগীয়া পত্নী শতাব্দী শইকীয়া । কণমানি সন্তানটিক বুকুত সাৱটি লৈ শইকীয়াৰ পত্নীয়ে এতিয়া পিতৃগৃহত আশ্ৰয় গ্ৰহণ কৰিছে ।

দুৰ্ভগীয়া পত্নীৰ এটাই অনুৰোধ যে স্বামী ৰিতুল শইকীয়া সুস্থ শৰীৰেৰে ঘৰলৈ উভতি আহিব লাগে । স্বামীক মুকলি কৰি দিবলৈ কাতৰ আহ্বান জনাইছে আলফা স্বাধীনলৈ । নিষ্পাপ শিশুটিৰ ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি ৰিতুল শইকীয়া যাতে কুশলে ঘৰলৈ উভতি আহে, তাৰ বাবে নেদেখাজনৰ ওচৰত প্ৰাৰ্থনা জনাইছে শতাব্দী শইকীয়াই ।

উল্লেখ্য যে, যোৱা ২১ এপ্ৰিলত অ’এনজিচিৰ তিনিজন বিষয়াক আলফা স্বাধীন আৰু এন এচ চি এনে অপহৰণ কৰিছিল । অপহৰণ কাণ্ডৰ দুটা দিনৰ পাচতে অপহৃত দুগৰাকী কৰ্মচাৰী মোহিনী মোহন গগৈ আৰু অলকেশ শইকীয়াক আলফা স্বাধীনে মুক্তি কৰি দিয়ে যদিও এতিয়াও আন এজন অপহৃত ৰিতুল শইকীয়াৰ কোনো সম্ভেদ নাই । ইতিমধ্যে আলফা স্বাধীনে এই বিষয়ত এক প্ৰেছ বিবৃতি প্ৰকাশ কৰি তিনিজন কৰ্মচাৰীকে সোঁ শৰীৰেৰে মুকলি কৰি দিয়া বুলি জনায় । আলফা স্বাধীনৰ এই বিবৃতিৰ পাচতে অধিক ৰহস্যজনক হৈ পৰিছে ৰিতুল শইকীয়া অপহৰণকাণ্ড ।

লগতে পঢ়ক: ক’ভিড-১৯ সন্দৰ্ভত বিৰোধীৰ সদিচ্ছা নাই: সৰ্বানন্দ সোণোৱাল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.