তিতাবৰ,২৪ এপ্ৰিল: অ'এনজিচিৰ তিনি কৰ্মচাৰীৰ অপহৰণকলৈ তীব্ৰ চাঞ্চল্য বিৰাজ কৰাৰ সময়তে শুকুৰবাৰে নিশা উদ্ধাৰ কৰা হৈছে দুজন অপহৃতক । ভাৰত-ম্যানমাৰ সীমান্তৰ নাগালেণ্ডৰ মন জিলাৰ লাংহা আৰু টাটাক চিনুং বস্তিৰ মাজৰ ঘন অৰণ্যৰ মাজত নিশা আসাম ৰাইফলছৰ অভিযানত দুই অপহৃত অভিযন্তা ক্ৰমে মোহিনী মোহন গগৈ আৰু অলকেশ শইকীয়াক উদ্ধাৰ কৰা হৈছে ।
খবৰ আহিছে যে অপহৰণকাৰী দলটোৰ নেতৃত্বত আছিল আলফা স্বাধীন আৰু সহযোগ কৰিছিল এন.এছ.চি.এনৰ দলে । এন.এছ.চি.এনৰ দুধৰ্ষ এচ.এচ টিকলং কন্যাকৰ নেতৃত্বত নাগালেণ্ডৰে ভাৰত ম্যানমাৰ সীমা পাৰ কৰাৰ চেষ্টা চলাইছিল বুলি প্ৰকাশ কৰিছে অভিযানকাৰী দলে ।
ইফালে সহকৰ্মী দুগৰাকীৰ মুক্তিৰ পাছত ৰিতুল শইকীয়াৰ সন্ধান নোপোৱাত কান্দোনত ভাগি পৰিছে পৰিয়ালৰ লোকসকল । অপহৰণকাৰী দলক ৰিতুল শইকীয়াক মুকলি কৰি দিবৰ বাবে পুনৰবাৰ অশ্ৰুসিক্ত নয়নেৰে আবেদন জনাইছে ৰিতুল শইকীয়াৰ পৰিয়ালে ।
লগতে পঢ়ক:দলগাঁৱত চোৰৰ চাফাই অভিযান