ETV Bharat / state

বিজ্ঞান শাখাত পাঠদানৰ বাবে সাজু ৰেণু বড়া মেমৰিয়েল একাডেমি

author img

By

Published : Feb 22, 2021, 3:20 PM IST

21-22 শিক্ষা বৰ্ষত টীয়কৰ ৰেণু বড়া মেমৰিয়েল একাডেমিত আৰম্ভ হ'ব বিজ্ঞান শাখাৰ পাঠদান ৷ নতুন শিক্ষা নীতিৰ প্ৰতি সমৰ্থন প্ৰদৰ্শন কৰি চলিত শিক্ষা বৰ্ষৰ পৰা নৱম শ্ৰেণীৰ পাঠদানৰো শুভাৰম্ভ কৰিব কনিষ্ঠ মহাবিদ্যালয়খনে ৷

A_teok_801_teok_press_meet_vis_img_asc10027
renu bora memorial academy of teok to start science stream

টীয়ক, 22 ফেব্ৰুৱাৰী: শিক্ষা ক্ষেত্ৰত ন ন পাঠ্যক্ৰমেৰে নতুনত্ব প্ৰদান কৰাৰ প্ৰয়াসৰ অংশ হিচাপে 2021-22 শিক্ষাবৰ্ষত বিজ্ঞান শিক্ষাত পাঠ্যক্ৰম আৰম্ভ কৰাৰ বাবে সাজু হৈছে টীয়কৰ অন্যতম অগ্ৰণী শিক্ষা প্ৰতিষ্ঠান ৰেণু বড়া মেমৰিয়েল একাডেমী ৷

সোমবাৰে এক সংবাদমেলৰ আয়োজন কৰি কনিষ্ঠ মহাবিদ্যালয়খনৰ কৰ্তৃপক্ষই এই কথা সদৰী কৰে ৷ মহাবিদ্যলয়খনৰ কৰ্তৃপক্ষই জানিবলৈ দিয়া মতে, 2011 চনতে প্ৰতিষ্ঠা হোৱা এই মহাবিদ্যালয়খনত ইতিমধ্যে কলা আৰু বাণিজ্য শাখাত একাদশ আৰু দ্বাদশ শ্ৰেণীত পাঠদানৰ ব্যৱস্থা আছে আৰু অহা 21-22 শিক্ষা বৰ্ষত বিজ্ঞান শাখাতো মহাবিদ্যালয়খনে পাঠদানৰ ব্যৱস্থা কৰিছে ৷

মহাবিদ্যালয়খনৰ কৰ্তৃপক্ষই জনায় যে, চৰকাৰৰ নতুন শিক্ষা নীতিৰ প্ৰতি সমৰ্থন জনাই চলিত শিক্ষা বৰ্ষতে মহাবিদ্যলয়খনত নৱম শ্ৰেণীৰ পৰা পাঠদান কাৰ্যসূচীৰ শুভাৰম্ভ হ'ব ৷ ছাত্ৰ ছাত্ৰী সকলে যাতে একেটা পৰিৱেশতে নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈকে অধ্যয়ণ কৰি ভাল ফলাফলেৰে নিজকে প্ৰতিষ্ঠা কৰিব পাৰে সেই উদ্দেশ্য আগত ৰাখি কনিষ্ঠ মহাবিদ্যালয়খনে এই পদক্ষেপ গ্ৰহণ কৰিছে বুলি কৰ্তৃপক্ষই জানিবলৈ দিয়ে ৷

উল্লেখ্য যে, মহাবিদ্যালয় কৰ্তৃপক্ষই নৱম শ্ৰেণীৰ বাবে ঐচ্ছিক বিষয় হিচাপে ভূগোল, বুৰঞ্জী, হিন্দী, ঐচ্ছিক গণিত আৰু একাদশ শ্ৰেণীৰ বাবে স্বদেশ অধ্যয়ন আৰু বিহু বিষয়টোক পাঠ্যক্ৰমত নতুনকৈ অন্তৰ্ভুক্ত কৰিছে ৷

লগতে পঢ়ক: গৌৰৱ নে আন কোনোবা : তিতাবৰত তৰুণ গগৈৰ উত্তৰসূৰী হ'ব কোন !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.