যোৰহাট, 8 জুনঃ পঞ্চম লক্ ডাউনত কেন্দ্ৰীয় চৰকাৰে বিভিন্ন ক্ষেত্ৰত শিথিলতা দিয়া পৰিলক্ষিত হৈছে। যাৰ ফলত সোমবাৰৰ পৰা দেশৰ লগতে ৰাজ্যত হোটেল,ৰেষ্টোৰেন্ট,শ্ব'পিং মল,ধৰ্মীয় অনুষ্ঠান সমূহ পুনৰ মুকলি কৰা হৈছে ৷ সোমবাৰৰ পৰা যোৰহাটৰ ঐতিহাসিক বুঢ়ী গোসানী দেৱালয়ৰ দুৱাৰ পুনৰ মুকলি হ'ল ভক্ত প্ৰাণ ৰাইজৰ বাবে। সুদীৰ্ঘ ৭৫ দিন মৰিশালীৰ নিস্তব্ধতাৰ শেষত মন্দিৰৰ চৌহদত এতিয়া দবা শংখৰ ধ্বনি ৷ এতিয়াৰে পুৱা গধূলি দবা শংখৰ শব্দত পুনৰ মুখৰিত হ'ব যোৰহাট ঐতিহাসিক দেৱালয় খন ৷
লগতে পঢ়কঃ প্ৰৱেশদ্বাৰ মুকলি দৌল গোবিন্দ মন্দিৰৰ