ETV Bharat / state

অসম কৃষি বিশ্ববিদ্যালয়ত আঞ্চলিক কৃষি মেলা আৰম্ভ

অসম কৃষি বিশ্ববিদ্যালয় (Assam Agriculture University) ত আৰম্ভ আঞ্চলিক কৃষি মেলা । তিনিদিনীয়া কাৰ্যসূচীৰে ১২ মাৰ্চৰ পৰা ১৪ মাৰ্চলৈ অনুষ্ঠিত হ'ব এই মেলা । উদ্বোধনী অনুষ্ঠানত উপস্থিত কৃষিমন্ত্ৰী অতুল বৰা ।

author img

By

Published : Mar 13, 2022, 1:37 PM IST

Regional Agriculture Fair 2022
অসম কৃষি বিশ্ববিদ্যালয়ত আঞ্চলিক কৃষি মেলা আৰম্ভ

যোৰহাট, ১২ মাৰ্চ : তিনিদিনীয়া কাৰ্যসূচীৰে অসম কৃষি বিশ্ববিদ্যালয় (Assam Agriculture University) ত আঞ্চলিক কৃষি মেলা ২০২২ (Regional Agriculture Fair 2022) ৰ শুভাৰম্ভ । ১২ মাৰ্চৰ পৰা ১৪ মাৰ্চলৈ অনুষ্ঠিত হ'বলগীয়া এই কৃষি মেলাখনি উদ্বোধন কৰে ৰাজ্য চৰকাৰৰ কৃষিমন্ত্ৰী অতুল বৰাই । উত্তৰ পূৰ্বাঞ্চলৰ সাতখন ৰাজ্যৰ লগতে ছিকিমৰ প্ৰতিনিধিৰ অংশগ্ৰহণেৰে অনুষ্ঠিত এই মেলাখনিত কৃষক, কৃষি আৰু আনুসংগিক ক্ষেত্ৰৰ লগত জড়িত উদ্যোগীয়েও অংশগ্ৰহণ কৰিছে ।

১৪ মাৰ্চলৈ অসম কৃষি বিশ্ববিদ্যালয় (Assam Agriculture University) ৰ যোৰহাটস্থিত মূল চৌহদত অনুষ্ঠিত হ’বলগীয়া এই আঞ্চলিক কৃষি মেলাখন শনিবাৰে মুকলি কৰে কৃষিমন্ত্ৰী অতুল বৰাই । অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° বিদ্যুত চন্দন ডেকাৰ পৌৰহিত্যত অনুষ্ঠিত উদ্ধোধনী অনুষ্ঠানত সুধীৰ কুমাৰ, ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, জিলা উপায়ুক্ত অশোক কুমাৰ বৰ্মন, বিধায়কদ্বয় ভৱেন ভৰালী, ভাস্কৰ বৰুৱা, আটাৰীৰ ডাইৰেক্টৰ এ কে সিং উপস্থিত থাকে ।

এই আঞ্চলিক কৃষি মেলাৰ লগত সংগতি ৰাখি অনুষ্ঠিত প্ৰদৰ্শনীত অসম কৃষি বিশ্ববিদ্যালয় (Assam Agriculture University) ৰ লগতে কেন্দ্ৰীয় কৃষি বিশ্ববিদ্যালয় ইম্ফল, বৰাপানীস্থিত ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠানৰ উত্তৰ-পূৱ পাৰ্বত্য কেন্দ্ৰ, আন্তৰাষ্ট্ৰীয় ধান গৱেষণা প্ৰতিষ্ঠান, ৰাজ্যিক কৃষি বিভাগ, ৰাজ্যিক উদ্যান শস্য বিভাগ, কেন্দ্ৰীয় এৰি-মুগা গৱেষণা প্ৰতিষ্ঠান, টোকোলাই চাহ গৱেষণা কেন্দ্ৰ, বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠান আৰু উত্তৰ-পূৱ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ লগতে ৰাজ্যৰ কেইবাখনো আগশাৰীৰ নাৰ্চাৰীয়ে অংশগ্ৰহণ কৰিছে ।

প্ৰদৰ্শনীত শস্য আৰু শস্য উৎপাদন, কৃষিভিত্তিক মূল্য সংযোজিত আৰু সংসাধন সামগ্ৰী, পৰম্পৰাগত সম্পদৰ অনুশীলন, পশুপালন আৰু মীনপালন তথা কৃষি যান্ত্ৰিকীকৰণ আদি ক্ষেত্ৰই অংশগ্ৰহণ কৰে । আঞ্চলিক কৃষি মেলাৰ লগত সংগতি ৰাখি প্ৰকাশ কৰা স্মৃতিগ্ৰন্থৰ লগতে কেইবাখনো গ্ৰন্থ আৰু পুস্তিকাও উন্মোচন কৰা হয় ।

তিনিদিনীয়া এই মেলাৰ লগত সংগতি ৰাখি কৃষি উদ্যোগী সমাৱেশ, কৃষক প্ৰশিক্ষণ, কৃষক ফ’ৰাম, কৃষক বিজ্ঞানীৰ মত বিনিময় আৰু সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হৈছে । মেলাত অসমৰ ২৩ টা কৃষি বিজ্ঞান কেন্দ্ৰৰ লগতে অন্যান্য ৰাজ্যৰ কৃষি বিজ্ঞান কেন্দ্ৰসমূহেও অংশগ্ৰহণ কৰিছে । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ কৃষকে অংশগ্ৰহণ কৰা অনুষ্ঠানটোত কেইবাজনো আদৰ্শ কৃষকক মানপত্ৰ আৰু নগদ ধনেৰে পুৰস্কৃত কৰে ।

লগতে পঢ়ক: HSLC exam 2022 : বিদ্যালয় কৰ্তৃপক্ষৰ গাফিলতিৰ বাবে পৰীক্ষাৰ পৰা বঞ্চিত ছাত্ৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.