ETV Bharat / state

Accused of insulting a renowned poet: দ্বিতীয় ধ্বনি কবিৰ আবিৰ্ভাৱক লৈ প্ৰতিক্ৰিয়া

টীয়কত ওলাইছে স্বয়ম্ভূ দ্বিতীয় ধ্বনি কবি । ব্যক্তিগত চেনেলৰ সাক্ষাৎকাৰত নিজকে দ্বিতীয় ধ্বনি কবি বুলি জাহিৰ কৰাৰ পাছতেই সৰ্বত্ৰে সৃষ্টি হৈছে প্ৰতিক্ৰিয়া । সাহিত্যিকৰ বেশধাৰী হাজৰিকাক সকীয়নি প্ৰদান কৰি ৰাজহুৱাকৈ ক্ষমা খুজিবলৈ দাবী সচেতন মহলৰ ।

Reaction to advent of the second Dhawni Kabi in Teok
দ্বিতীয় ধ্বনি কবিৰ আবিৰ্ভাৱক লৈ প্ৰতিক্ৰিয়া
author img

By ETV Bharat Assamese Team

Published : Sep 21, 2023, 1:43 PM IST

দ্বিতীয় ধ্বনি কবিৰ আবিৰ্ভাৱক লৈ প্ৰতিক্ৰিয়া

টীয়ক, ২১ ছেপ্টেম্বৰ: অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰা অসম তথা টীয়কৰ গৌৰৱ ‘ধ্বনি কবি’ বিনন্দ চন্দ্ৰ বৰুৱাৰ দ্বিতীয় সংস্কৰণ বুলি নিজকে জাহিৰ কৰিবলৈ গৈ বিপাঙত পৰিছে টীয়কৰ জনৈক হাজৰিকা উপাধিৰ এজন যুৱক ৷ নিজকে অখ্যাতৰ পৰা বিখ্যাত কৰিবলৈ এটা নিউজ চেনেলৰ ডিজিটেল পেজৰ সাক্ষাৎকাৰত যুৱকজনে দ্বিতীয় ধ্বনি কবি হিচাপে পৰিচয় দিয়াৰ পাছতে টীয়কত সৰ্বতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

জাঙুৰ খাই উঠিছে ধ্বনি কবিৰ ঐতিহাসিক গৃহ অচ্যুত ভৱন সংৰক্ষণ সমিতি, টীয়কৰ সকলো দল-সংগঠন । সাহিত্যৰ নামত স্বনামধন্য ব্যক্তিক নিজৰ জনপ্ৰিয়তাৰ বাবে ব্যৱহাৰ কৰাত ক্ষোভিত হৈছে টীয়কৰ সচেতন মহল । সেয়ে বিনন্দ চন্দ্ৰ বৰুৱাৰ বাসগৃহ অচ্যুত ভৱনত অচ্যুত ভৱন সংৰক্ষণ সমিতি, টীয়ক কবি সন্মিলন, টীয়ক শাখা সাহিত্য সভা, আছু, যুৱ ছাত্ৰ পৰিষদৰ লগতে বিভিন্ন দল-সংগঠনে এক সংবাদমেল সম্বোধন কৰি তথাকথিত কবি হাজৰিকাৰ এনে মন্তব্যত ধিক্কাৰ তথা গৰিহণা প্ৰদান কৰি অতি সোনকালেই ৰাজহুৱাকৈ ক্ষমা খুজিবলৈ হাজৰিকাক দাবী জনায় ।

লগতে ভৱিষ্যতে নিজৰ জনপ্ৰিয়তাৰ বাবে এনে কাৰ্য নকৰিবলৈ সকীয়নি প্ৰদান কৰে । লগতে যিটো সংবাদ মাধ্যমত উক্ত সাক্ষাৎকাৰ প্ৰচাৰিত হৈছিল সেই সংবাদগোষ্ঠীয়ে কি ভিত্তিত এজন সস্তীয়া প্ৰচাৰৰ পাছত দৌৰা তথা নিজকে সততে সাহিত্যিক বুলি জাহিৰ কৰি ফুৰা হাজৰিকাক ধ্বনি কবিৰ সৈতে তুলনা কৰিলে তাৰ স্পষ্টীকৰণ বিচাৰে উপস্থিত সকলোৱে ।

অৱশ্য ইতিমধ্য সাক্ষাৎকাৰ গ্ৰহণ কৰা নিৰ্দিষ্ট পেজৰ পৰা উক্ত সাক্ষাৎকাৰটো ডিলিট কৰি সাংবাদিকগৰাকীয়ে এয়া এক অনিশ্চাকৃত ভুল বুলি স্বীকাৰ কৰাৰ লগতে এয়া হাজৰিকা নামৰ টীয়কৰ স্বয়ম্ভু সাহিত্যিকজনে তেওঁক নিজে এইদৰে সম্বোধন কৰিবলৈ বাধ্য কৰাইছিল বুলি এখন পত্ৰ যোগে ইতিমধ্য টীয়কবাসী ৰাইজক অৱগত কৰিছে আৰু ভুলৰ ক্ষমা বিচাৰিছে । ইপিনে সংবাদ মাধ্যমক নিজৰ জনপ্ৰিয়তাৰ বাবে এইদৰে ভুলপথে পৰিচালনা কৰাতো অতি দুৰ্ভাগ্যজনক বুলি সদৰি কৰি ভৱিষ্যতে এনে ভুল পুনৰ নকৰিবলৈ কবি, সাহিত্যিকৰ বেশধাৰী হাজৰিকাক সকীয়নি প্ৰদান কৰি ৰাজহুৱাকৈ ক্ষমা খুজিবলৈ দাবী জনাই সকলোৱে ।

লগতে পঢ়ক: Karate Championship 2023: প্ৰথম ৰাষ্ট্ৰীয় মুকলি সমৰ কলা চেম্পিয়নশ্বিপ ২০২৩ ত স্বৰ্ণ জয় মৰিগাঁৱৰ খেলুৱৈৰ

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.