যোৰহাট,13 জানুৱাৰী : ভোগালীৰ উৰুকাৰ দিনাই যোৰহাটত ৰাইজৰ দলে ৰূপায়ন কৰিছে ২৪ ঘন্টীয়া প্ৰতিবাদী কাৰ্যসূচী ৷ অখিল গগৈৰ মুক্তিৰ দাবীত যোৰহাটৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৰাইজৰ দলে ৷ আজি ভোগালীৰ দিনাই ৰাইজৰ দলে এনেদৰে ২৪ ঘন্টীয়া প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে কাইলৈ অৰ্থাৎ মাঘৰ বিহুৰ দিনাই জেইল ভৰ‘ কাৰ্যসূচী ৰূপায়ণ কৰিব বুলিও জানিবলৈ দিছে ৷
আনহাতে, অখিল গগৈক চক্ৰান্তমূলকভাৱে শাসনাধিষ্ঠ বিজেপি চৰকাৰে কাৰাৰুদ্ধ কৰি ৰাখিছে বুলি অভিযোগ কৰাৰ লগতে যদিহে অখিল গগৈক অনতি পলমে মুক্তি নিদিয়ে তেনেহ'লে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰি যোৱাৰো হুংকাৰ প্ৰদান কৰে ৷
লগতে পঢ়ক: ৰাজ্যৰ উৰুকাৰ বজাৰে বজাৰে গ্ৰাহকৰ ভিৰ