ETV Bharat / state

টীয়কৰ সমস্যা সমাধানৰ পৰিকল্পনা কবিন্দ্ৰ চেতিয়া ফুকনৰ

author img

By

Published : Mar 18, 2021, 3:48 PM IST

টীয়কৰ সমস্যা সমাধানৰ বাবে বিশেষ পৰিকল্পনা ৰাইজৰ দলৰ ৷ নিৰ্বাচনী ইস্তাহাৰ প্ৰকাশৰ জৰিয়তে এই কথা জনালে ৰাইজৰ দলৰ পৰা টীয়ক সমষ্টিৰ প্ৰাৰ্থী কবিন্দ্ৰ চেতিয়া ফুকনে ৷ নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ দলতকৈ ৰাইজৰ দলক চৰকাৰী পক্ষই মাহীআইৰ দৃষ্টিৰে চোৱা বুলি অভিযোগ ফুকনৰ ৷

raijor dal plans to solve issues of teok constituency
টীয়কৰ সমস্যা সমাধানৰ পৰিকল্পনা কবিন্দ্ৰ চেতিয়া ফুকনৰ

টীয়ক,18 মাৰ্চ: যোৰহাট জিলাৰ টীয়কৰ বিভিন্ন সমস্যা সমাধানৰ বাবে বিশেষ পৰিকল্পনা গ্ৰহণ কৰিছে টীয়ক সমষ্টিৰ ৰাইজৰ দলৰ প্ৰাৰ্থী কবিন্দ্ৰ চেতিয়া ফুকনে ৷ বৃহস্পতিবাৰে এখন সংবাদমেল সম্বোধন কৰি প্ৰাৰ্থী গৰাকীয়ে এই কথা সদৰী কৰে ৷ বৃহস্পতিবাৰে অনুষ্ঠিত সংবাদমেলখনৰ জৰিয়তে প্ৰাৰ্থী গৰাকীয়ে সমষ্টি ভিত্তিত প্ৰকাশ কৰা এক ইস্তাহাৰত সমষ্টিটোৰ বিভিন্ন সমস্যা সমাধানৰ বাবে লোৱা পৰিকল্পনাৰ বিষয়ে জানিবলৈ দিয়ে ৷

চৰকাৰী পক্ষই নিৰ্বাচনী প্ৰচাৰৰ ক্ষেত্ৰত শাসকীয় দলতকৈ ৰাইজৰ দলক চৰকাৰী পক্ষই মাহীআইৰ দৃষ্টিৰে চোৱা বুলি অভিযোগ কৰি কংগ্ৰেছ তথা মিত্ৰজোঁটৰ পক্ষতকৈ ৰাইজে ৰাইজৰ দলক অধিক সমৰ্থন জনাব বুলি আশা প্ৰকাশ কৰে ৷

প্ৰচাৰ চলোৱাৰ ক্ষেত্ৰত নিৰ্বাচনী আয়োগে যথেষ্ট কম সময় নিৰ্ধাৰণ কৰাৰ হেতুকে ভোটাৰৰ ঘৰে ঘৰে গৈ দলীয় কৰ্মৰাজিৰ বিষয়ে জনাবলৈ অসুবিধাৰ সন্মুখীন হোৱাত সকলো ৰাইজকে এইদৰে প্ৰচাৰ মাধ্যমৰ জৰিয়তে জনাবলগীয়া হোৱাৰ বাবে ৰাইজক ক্ষমা বিচাৰি প্ৰকৃত আঞ্চলিকবাদ প্ৰতিষ্ঠা আৰু অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ স্বাৰ্থত ৰাইজৰ দলক ভোটদান কৰিবলৈও কবিন্দ্ৰ চেতিয়া ফুকনে আহ্বান জনায় ৷

লগতে পঢ়ক: মন্ত্ৰী ভবেশ কলিতা এজন ডকাইত: ৰাইজৰ দলৰ প্ৰাৰ্থী হৰেশ্বৰ বৰ্মন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.