ETV Bharat / state

বিজেপিয়ে দেশক খণ্ড বিখণ্ড কৰিব বিচাৰিছে: ৰাহুল গান্ধী

Rahul Gandhi at Jorhat : বিজেপিয়ে দেশক টুকুৰা-টুকুৰ কৰিব বিচৰাৰ অভিযোগ ৰাহুল গান্ধীৰ । মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁ পত্নীৰ দুৰ্নীতিক লৈ যোৰহাটত সৰৱ ৰাহুল গান্ধী । ন্যায় যাত্ৰাক বাধা দিয়াৰ অভিযোগ যোৰহাট প্ৰশাসনৰ বিৰুদ্ধে ।

author img

By ETV Bharat Assamese Team

Published : Jan 18, 2024, 8:12 PM IST

যোৰহাটত উপস্থিত ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰা

যোৰহাটত ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰা

যোৰহাট, ১৮ জানুৱাৰী : মণিপুৰ আৰু নাগালেণ্ডত চাৰিদিনীয়া ভাৰত জোড়ো ন্যায় যাত্ৰাৰ সফল সমাপ্তিৰ পিছত বৃহস্পতিবাৰে পুৱা পঞ্চমদিনা অসমত প্ৰৱেশ কৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধী নেতৃত্বাধীন ভাৰত জোড়ো ন্যায় যাত্ৰা । হালোৱাটিঙেৰ অসমত প্ৰৱেশ কৰা এই ন্যায় যাত্ৰাৰ প্ৰথম কাৰ্যসূচী হিচাপে বৃহস্পতিবাৰে পুৱা আমগুৰিত ৰাহুল গান্ধীয়ে এক জনসভা সম্বোধন কৰে । ইয়াৰ পিছত এই যাত্ৰা য়োৰহাটলৈ আগবাঢ়ে ।

সন্ধিয়া যোৰহাটত উপস্থিত হোৱাৰ পিছত ৰাহুল গান্ধীয়ে উপস্থিত জনতাক সম্বোধন কৰে । তেওঁ আৰম্ভণিতেই বিজেপিক তীব্ৰ আক্ৰমণ কৰি কয় যে বিজেপিয়ে দেশক টুকুৰা-টুকুৰ কৰিব বিচাৰিছে । আনহাতে, ৰাহুল গান্ধীয়ে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো তীব্ৰ আক্ৰমণৰ লক্ষ্য কৰি লয় । তেওঁ কয় যে দেশৰ আটাইতকৈ দুৰ্নীতিগ্ৰস্ত মুখ্যমন্ত্ৰী হৈছে হিমন্ত বিশ্ব শৰ্মা ।

ৰাহুল গান্ধীয়ে হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ পত্নীৰ সম্পত্তিক লৈ সৰৱ হোৱা পৰিলক্ষিত হয় । ইফালে যোৰহাটত ন্যায় যাত্ৰাৰ সময়ত যোৰহাট প্ৰশাসনে বাধা প্ৰদানৰ চেষ্টা কৰা বুলিও অভিযোগ কৰে । তেওঁ কয়, ন্যায় যাত্ৰাক লৈ শংকিত হৈ পৰিছে বিজেপি আৰু আৰএছএছ । ধৰ্ম, ভাষা আৰু জাতিৰ নামত দেশখনক বিজেপিয়ে টুকুৰা টুকুৰা কৰিব বিচাৰিছে বুলি তেওঁ অভিযোগ কৰে ।

উল্লেখ্য যে ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাই উত্তৰ-পূবৰ লগতে সমগ্ৰ দেশত ৬০০০ কিলোমিটাৰ সামৰি ল'ব । অসমত এই যাত্ৰা ৮ দিন ধৰি চলিব । নিজৰ বক্তব্যত ৰাহুল গান্ধীয়ে লগতে কয়, অসম তথা উত্তৰ-পূবক বিজেপিয়ে ভয়ংকৰ অন্যায় কৰিছে । বিজেপি আৰু হিমন্ত বিশ্ব শৰ্মাই অসমক ভাগ ভাগ কৰিব বিচাৰিছে ।

দেশৰ ভিতৰত আটাইতকৈ দুৰ্নীতিগ্ৰস্ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা বুলি উল্লেখ কৰি ৰাহুল গান্ধীয়ে কয় যে মুখ্যমন্ত্ৰীৰ লগতে তেওঁৰ পত্নীও দুৰ্নীতিত জড়িত হৈ পৰিছে । আনহাতে, কংগ্ৰেছে অসম তথা মণিপুৰত শান্তি প্ৰতিষ্ঠাৰ হকে কাম কৰাৰ কথা উল্লেখ কৰি লগতে কয় যে বিজেপিৰ শাসনত মণিপুৰ আৰু অসমত পুনৰ হিংসা আৰম্ভ হৈছে । কংগ্ৰেছ ক্ষমতালৈ আহিলে নিৱনুৱাক সংস্থাপনৰ ক্ষেত্ৰত গুৰত্ব দিয়া হ'ব বুলি যোৰহাটত ৰাহুল গান্ধীয়ে উল্লেখ কৰে । ইয়াৰ উপৰি হিমন্ত বিশ্ব শৰ্মাই অসমৰ জনসাধাৰণক টকাৰে কিনিব বিচাৰিছে বুলি উল্লেখ কৰি কয় যে হিমন্তৰ কথাত কিন্তু অসমবাসী ভোল নাযায় ।

লগতে পঢ়ক :কংগ্ৰেছৰ অন্যায়ৰ প্ৰায়চিত্ত কৰিবলৈ মাজুলীলৈ আহিব ৰাহুল গান্ধী : ভুৱন গাম

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.