ETV Bharat / state

অপৰাধীক নহয়, ভুক্তভোগীক হাৰাশাস্তিৰ অভিযোগ যোৰহাটৰ পুলিবৰ আৰক্ষীৰ বিৰুদ্ধে - Pulibor police

পুলিবৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ ৷ অপৰাধীক গ্ৰেপ্তাৰৰ বিপৰীতে সুৰক্ষা দিয়াৰ অভিযোগ ভুক্তভোগী এটা পৰিয়ালৰ ৷

Pulibor police accused of protecting criminals
ভুক্তভোগীক হাৰাশাস্তিৰ অভিযোগ যোৰহাট পুলিব আৰক্ষীৰ বিৰুদ্ধে
author img

By ETV Bharat Assamese Team

Published : Dec 9, 2023, 5:52 PM IST

ভুক্তভোগীক হাৰাশাস্তিৰ অভিযোগ যোৰহাট পুলিব আৰক্ষীৰ বিৰুদ্ধে

যোৰহাট, 9 ডিচেম্বৰ : এগৰাকী কিশোৰীক ঘৰৰ ভিতৰত চাৰিদিনে আবদ্ধ কৰি ধৰ্ষণ কৰাৰ ঘটনাই জোকাৰি গৈছে যোৰহাটক ৷ এই সমগ্ৰ ঘটনাৰ লগত জড়িত অপৰাধীক কৰায়ত্ব কৰাৰ বিপৰীতে ভুক্তভোগীক হাৰাশাস্তিৰ কৰাৰহে অভিযোগ উত্থাপন হৈছে যোৰহাটৰ পুলিবৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষীৰ বিষয়াৰ বিৰুদ্ধে ৷

ঘটনা অনুসৰি, 2 ডিচেম্বৰৰ দিনা চাওলুং ছ্যু-কা-ফা সমন্বয় ক্ষেত্ৰত ফুৰিবলৈ গৈছিল এটি কিশোৰী ৷ তেনেস্থলত কিশোৰীগৰাকীক বাবাতু বাউৰি নামৰ এজন যুৱকে বলপূৰ্বকভাৱে উঠাই লৈ গৈছিল যুৱকজনৰ দেৰগাঁৱৰ ধেমাজিস্থিত বায়েকৰ ঘৰলৈ ৷ বায়েকৰ ঘৰতে চাৰিদিন ধৰি কিশোৰীগৰাকীক আবদ্ধ কৰি ৰাখিছিল যুৱক বাউৰিয়ে ৷

কেবল আবদ্ধ কৰিয়ে ক্ষান্ত নাথাকি বিভিন্ন ভয়-ভাবুকি দেখুৱাই কিশোৰীগৰাকীক বাউৰি নামৰ যুকৱজনে ধৰ্ষণ কৰাৰ অভিযোগ উঠিছে ৷ ইফালে, এই সমগ্ৰ ঘটনাৰ বিষয়ে পুলিবৰ আৰক্ষীক অবগত কৰিছিল ভুক্তভোগী পৰিয়ালে ৷ কিন্তু পুলিবৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াই অপৰাধীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণৰ বিপৰীতে ভুক্তভোগী কিশোৰী আৰু কিশোৰীগৰাকীৰ পিতৃক ভয়-ভাবুকি দিয়াৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী কিশোৰীগৰাকীৰ অভিভাৱকে ৷

সমগ্ৰ ঘটনা সন্দৰ্ভত ভুক্তভোগী পৰিয়ালে কয় যে, কিশোৰীগৰাকী নিৰুদ্দেশ হোৱা 4 দিনৰ পাচত হঠাৎ 6 ডিচেম্বৰত পুলিবৰ আৰক্ষী চকীত এজাহাৰ দাখিল কৰা হৈছিল ৷ তাৰ পাচতে 7 ডিচেম্বৰত বাবাতু বাউৰি নামৰ যুৱকজনে কিশোৰীগৰাকীক ঘৰত থৈ যায় ৷ সেই খবৰ পোৱাৰ পাচতে পিতৃৰ লগতে ভুক্তভোগী কিশোৰীগৰাকীক পুলিবৰ আৰক্ষী থানালৈ মাতি পঠিয়াই পুলিবৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াই ৷ তেতিয়াই এজাহাৰ উঠাই ল’বলৈ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়াই ভুক্তভোগী কিশোৰীগৰাকীৰ পিতৃক হেঁচা প্ৰয়োগ কৰা বুলি অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী কিশোৰীগৰাকীৰ অভিভাৱকে ৷

লগতে পঢ়ক : আৰক্ষীৰ চকুত ধূলি দি থানাৰ পৰাই পলাল গভাইত চোৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.