যোৰহাট, 26 মে’: ইতিহাস হ'ব বিট্ৰিছৰ আমোলত নিৰ্মাণ হোৱা ইউৰোপিয়ান আৰ্হিৰ যোৰহাটৰ সুবৃহৎ ৰঙা ভৱন ৷ যোৰহাট নগৰৰ মাজমজিয়াত থকা উপায়ুক্ত কাৰ্যালয় চিনামৰাত থকা উজনি অসম আয়ুক্ত কাৰ্যালয়লৈ স্থানান্তৰ কৰিবলৈ প্ৰশাসনে চলাইছে প্ৰস্তুতি ৷ অপৰিকল্পিতভাৱে উপায়ুক্তৰ কাৰ্যালয় স্থানান্তৰ কৰাক লৈ তীব্ৰ প্ৰতিক্ৰিয়া যোৰহাটবাসীৰ মাজত (Public Reacts on Jorhat DC office Shift) ৷
যোৰহাট নগৰৰ মাজমজিয়াত থকা উপায়ুক্ত কাৰ্যালয়টো অত্যন্ত খৰখেদাকৈ বেপৰুৱা ভাৱে চিনামৰাত থকা উজনি অসম আয়ুক্ত কাৰ্যালয়লৈ স্থানান্তৰ কৰিবলৈ প্ৰশাসনে চলোৱা প্ৰস্তুতিক কেন্দ্ৰ কৰি জিলাখনৰ জনসাধাৰণৰ মাজত তীব্ৰ অসন্তুষ্টি আৰু প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ৷ এক বিশেষ সূত্ৰৰ জৰিয়তে জানিব পৰা মতে জুন মাহৰ ভিতৰত এই কাৰ্যালয়টো চিনমৰাত থকা অতি আওপুৰণি উজনি অসম আয়ুক্ত কাৰ্যালয়লৈ স্থানান্তৰ কৰা হ’ব (Jorhat DC office Shift) ৷
উপায়ুক্ত কাৰ্যালয় হঠাতে চহৰখনৰ মজিয়াৰপৰা চিনামৰাস্থিত উজনি অসম আয়ুক্ত কাৰ্যালয়লৈ স্থানান্তৰ হ’লে ৰাইজ ভীষণ অসুবিধাৰ সন্মুখীন হ'ব ৷ কিয়নো উজনি অসম আয়ুক্ত কাৰ্যালয়লৈ যোৱা পথসমূহ অত্যন্ত ঠেক আৰু কোনো ধৰণৰ প্ৰযুক্তিগত আন্তঃগাঁথনি নথকাৰ লগতে যাতায়ত ব্যৱস্থাও সুচল নহয় ৷ সেয়েহে পূৰ্ণাংগ আন্তঃগাঁথনি সম্পূৰ্ণ কৰিহে উপায়ুক্ত কাৰ্যালয় স্থানান্তৰ কৰিবলৈ আহ্বান জনাইছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ যোৰহাট জিলা সমিতিয়ে (Jorhat DC office) ৷
উল্লেখ্য যে প্ৰায় এবছৰ পূৰ্বে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই চিনামৰাত প্ৰায় ৫০ কোটি টকা ব্যয় সাপেক্ষে এটা ইন্টিগ্ৰেটেড উপায়ুক্ত কাৰ্যালয় শীঘ্ৰে নিৰ্মাণ কৰা হ'ব বুলি ঘোষণা কৰিল ৷ আনহাতে ১৯১৪ চনত নিৰ্মিত ইউৰোপিয়ান আৰ্হিৰ এই সুবৃহৎ ৰঙা ভৱনটো এক সংগ্ৰাহলয় হিচাবে সংৰক্ষণ কৰা হ'ব বুলি লগতে ঘোষণা কৰিছিল ৷ বৰ্তমান চিনামৰাত নিৰ্মাণ হ'বলগীয়া উপায়ুক্ত কাৰ্যালয়ৰ বাবে চহৰখনৰ পৰা ৭ কিলোমিটাৰ নিলগৰ চিনামৰাত প্ৰায় ৫৩ বিঘা ভূমি অধিগ্ৰহণ কৰা হৈছে ৷ ইয়াৰে ৪৩ বিঘা ভূমি দেউলীয়া অসম চাহ নিগমৰ চাহ বাগিচাৰ পৰা অধিগ্ৰহণ কৰা হ'ব আৰু ১০ বিঘা ভূমি উজনি অসম আয়ুক্ত কাৰ্যালয় চৌহদৰ ৷
ইতিমধ্যে ভূমি অধিগ্ৰহণৰ কাম সম্পূৰ্ণ হৈছে যদিও নতুন উপায়ুক্ত কাৰ্যালয় নিৰ্মাণ আজি পৰ্যন্ত হোৱা নাই ৷ এই উপায়ুক্ত ভৱনটো নিৰ্মাণ হ'বলৈ বহু বছৰ প্ৰয়োজন হ’ব ৷ ফলত ভাৰাঘৰলৈ উপায়ুক্ত কাৰ্যালয় স্থানান্তৰক লৈ এতিয়া সোচ্ছাৰ হৈ পৰিছে দল-সংগঠন, কৰ্মচাৰীৰ লগতে যোৰহটবাসী ৰাইজ ৷
লগতে পঢ়ক: AASA Protest in Tinsukia: জনজাতিকৰণৰ দাবীত তিনিচুকীয়াত আদিবাসী ছাত্ৰ সন্থাৰ প্ৰতিবাদ