ETV Bharat / state

Reaction on municipality tax hike : বিশেষ ৰাজনৈতিক দলৰ নেতাৰ ক্ষেত্ৰত প্ৰয়োজ্য নহয় বৰ্ধিত পৌৰ কৰ; আছু নেতা

author img

By

Published : Mar 12, 2023, 1:59 PM IST

যোৰহাট পৌৰসভাৰ অত্যাধিক পৌৰ কৰ বৃদ্ধিৰ বিৰুদ্ধে সৰৱ নাগৰিক । বিশেষ ৰাজনৈতিক দলৰ নেতাৰ ক্ষেত্ৰত এই পৌৰ কৰ প্ৰয়োজ্য নহয় বুলি দাবী স্থানীয় সচেতন ৰাইজৰ ৷ ক্ষোভ উজাৰিলে জিলা আছুৰ প্ৰাক্তন সভাপতি তথা যুৱনেতা বিজয় শংকৰ বৰদলৈয়ে (Reaction on municipality tax hike in Jorhat) ৷

municipality tax hike in Jorhat
বৰ্ধিত পৌৰ কৰ সন্দৰ্ভত প্ৰাক্তন আছু নেতাৰ প্ৰতিক্ৰিয়া

যোৰহাট, 12 মাৰ্চ : পৌৰসভাই অভাৱনীয় হাৰত বৃদ্ধি কৰা হোল্ডিং টেক্সৰ বিৰুদ্ধে আজি সৰৱ হৈ পৰে যোৰহাট জিলা আছুৰ প্ৰাক্তন সভাপতি তথা সমাজকৰ্মী বিজয় শংকৰ বৰদলৈৰ লগতে যোৰহাট পৌৰসভাৰ অধীনৰ বাসিন্দা সকল । হোল্ডিং টেক্স বৃদ্ধিয়ে পৌৰ এলেকাৰ বাসিন্দা সকলক যথেষ্ট পৰিমাণে প্ৰভাৱ পেলাব বুলি উল্লেখ কৰে যুৱনেতাগৰাকীয়ে । যোৰহাট জিলা ছাত্র সন্থাৰ প্ৰাক্তন সভাপতি বিজয় শংকৰ বৰদলৈয়ে কয় যে, যোৰহাট পৌৰসভাৰ হোল্ডিং টেক্স চাৰিগুণৰ পৰা দহগুণলৈ বৃদ্ধিয়ে নিম্ন মধ্যবিত্ত লোকসকলক বিশেষভাৱে প্ৰভাৱান্বিত কৰিব (Reaction on municipality tax hike in Jorhat)।

কৰ দাতা ৰাইজে জাবৰ সংগ্ৰহ আৰু পানী যোগানৰ বাবে পৌৰসভাক পৃথকে পৃথকে কৰ আদায় দিয়াৰ পিছতো হোল্ডিং টেক্সত অতিৰিক্ত কৰৰ বোজা সৰ্বসাধাৰণৰ ওপৰত জাপি দিয়াটো ন্যায্য নহয় । কাৰণ এক বহিৰাগত প্ৰতিষ্ঠানক কৰ সংগ্ৰহৰ জৰীপ প্ৰদান কৰা হ’ল ফলত যি মন যায় তাকেই জৰীপ চলাই প্ৰতিবেদন দাখিল কৰিলে বুলি অভিযোগ আনে বিজয় শংকৰ বৰদলৈয়ে ৷ কাৰণ পুৰণা ঘৰ আৰু নতুন ঘৰ এটাই কিমান কৰ আদায় দিব লাগিব সেয়া পৃথকে পৃথকে যোৰহাট পৌৰসভাই নকৰিলে বুলি কয় ৷ লগতে স্থানীয় অভিজ্ঞতা সম্পূৰ্ণ অভিযন্তাক এই জৰিপ কামত নিয়োগ নকৰাত আশ্বৰ্য প্ৰকাশ কৰে বিজয় শংকৰ বৰদলৈয়ে (Jorhat municipality board raises tax) ।

আনহাতে, নিম্ন মধ্যবিত্ত লোকসকলক যি হাৰত পৌৰ কৰ যোৰহাট পৌৰসভা নিৰ্ধাৰণ কৰিছে কিন্তু এক বিশেষ ৰাজনৈতিক দলৰ নেতা সকলৰ কৰৰ আগৰ দৰেই আছে বুলি ৰৌৰসভাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ আনে বৰদলৈয়ে । একাংশ ৰাজনৈতিক দলৰ নেতা-কৰ্মীয়ে পূৰ্বতে যি হাৰত পৌৰসভাক কৰ আদায় দিছিল, সেই হাৰতে বৰ্তমানেও আদায় দি আছে বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে যোৰহাট যুৱনেতা বিজয় শংকৰ বৰদলৈয়ে (Jorhat civil society protest against municipality tax hike) ।

লগতে পঢ়ক : Eviction drive in Silsako beel : জিঞ্জাৰ হোটেলৰ লগতে উচ্ছেদ হ’বনে জয়ন্ত মল্ল বৰুৱাৰ পিতৃৰ নামত নিৰ্মিত পথ

যদি চৰকাৰে তেওঁ লোক ধাৰ পৰিমাণ নগৰবাসীৰ লোকৰ ওপৰত কৰ জাপি দি পৰিশোধ কৰিম বুলি ভাবিছে, সেয়া কোনো কালেই গ্ৰহণ যোগ্য হ'ব নোৱাৰে বুলি মত প্ৰকাশ কৰে । তদুপৰি, পৌৰ কৰ বৃদ্ধি কৰাক লৈ যোৰহাট নগৰৰ বিভিন্ন প্ৰান্তত ৰাজহুৱা সভা অনুষ্ঠিত কৰিব বুলি চৰকাৰক সকীয়নি প্ৰদান কৰে ৷ চৰকাৰে নিৰ্ধাৰণ কৰা বৰ্ধিত পৌৰ কৰ দিবলৈ অসমৰ্থ বুলি উল্লেখ কৰাৰ লহগতে চৰকাৰ এই সিদ্ধান্ত শীঘ্ৰে বাতিলৰ দাবী জনায় অন্যথা তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ হুংকাৰ প্ৰদান কৰে কৰদাতা ৰাইজে (Jorhat municipal board) ।

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.