ETV Bharat / state

ডা: দেবেন দত্তৰ হত্যাকাৰীক উচিত শাস্তিৰ দাবী - বাগানত গণ প্ৰহাৰ

ডা: দেবেন দত্তৰ হত্যাৰ প্ৰতিবাদত টীয়কত অনুষ্ঠিত ৰাজহুৱা সভাত উপস্থিত থাকে যোৰহাট জিলাৰ উপায়ুক্ত,যোৰহাট জিলাৰ আৰক্ষী অধীক্ষককে ধৰি প্ৰশাসনৰ ভালে কেইজন লোক ৷ চাহ জনজাতি ছাত্ৰ সন্থাৰ মঙলবাৰে এটা বেলাৰ বাবে চাহ বাগান বন্ধ ৰখাৰ কথা ঘোষণা ৷

ডা: দেবেন দত্তৰ হত্যাকাৰীক উচিত শাস্তিৰ হাবী
author img

By

Published : Sep 3, 2019, 9:28 AM IST

টীয়ক,3 ছেপ্তেম্বৰঃ বাগানত গণ প্ৰহাৰত প্ৰাণ হেৰুওৱা ডা: দেবেন দত্তৰ হত্যাৰ প্ৰতিবাদত সোমবাৰে টীয়কত এখন ৰাজহুৱা সভা অনুষ্ঠিত হয় ৷ উক্ত সভাত যোৰহাট জিলাৰ উপায়ুক্ত,যোৰহাট জিলাৰ আৰক্ষী অধীক্ষক,টীয়ক ৰাজহ চক্ৰ বিষয়া ,টীয়ক পৌৰসভাৰ পৌৰপতি, টীয়ক প্ৰেছ ক্লাবৰ বিষয়ববীয়াসকলকে প্ৰমুখ্য কৰি বৃহত্তৰ টীয়ক অঞ্চলৰ ভালেসংখ্যক সমাজ সচেতন ব্যক্তি উপস্থিত থাকে ৷ সভাত উপস্থিত থাকি সকলোৱে একেমুখে দোষীক উপযুক্ত শাস্তি দিবলৈ দাবী জনায় ৷ লগতে সভাৰ অন্তত জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকসহ কেইবাজনো প্ৰশাসনিক বিষয়াই মৃত ডা: দেবেন দত্তৰ ঘৰত উপস্থিত হৈ শোকসন্তপ্ত পৰিয়ালক সমবেদনা জ্ঞাপন কৰে ৷

ডা: দেবেন দত্তৰ হত্যাকাৰীক উচিত শাস্তিৰ হাবী

উল্লেখযোগ্য যে এই ৰাজহুৱা সভাত অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক পৱন বেদীয়া উপস্থিত হৈ সমগ্ৰ ঘটনাটো তীব্ৰ ভাষাৰে গৰিহণা জনায়৷ লগতে সভাৰ অন্তত জগদুৱাৰস্থিত ফুড ভিল্লাত এক সংবাদ মেল সম্বোধন কৰি তেওঁ কয় যে অপৰাধীৰ কোনো জাতি ধৰ্ম বৰ্ণ নাই, সেয়ে অসমৰ সন্মান ৰক্ষাৰ স্বাৰ্থত সকলো একত্ৰিত হৈ দোষীক কৰায়ত্ব কৰাত প্ৰশাসনক সহযোগিতা কৰিবলৈ আহ্বান জনায় ৷ আনহাতে ঘটনাটোত মৰ্মান্তিকভাৱে মৃত্যুক সাৱটি ল'ব লগা হোৱা ডা: দেবেন দত্তৰ আত্মাৰ সদগতিৰ তথা পৰিয়ালৰ প্ৰতি সমবেদনা জনোৱাৰ উদ্দেশ্যে মঙলবাৰে যোৰহাট জিলাৰ চাহ বাগানসমূহ এটা বেলাৰ বাবে বন্ধ ৰাখি প্ৰতিখন বাগানতে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুষ্ঠিত কৰি এনে ঘটনাৰ পুনৰাবৃত্তি নহ'বলৈ সজাগতা সভা আয়োজন কৰিব বুলিও জানিবলৈ দিয়ে ৷

Intro:Body:টীয়কত ডা: দেবেন দত্তৰ হত্যাৰ প্ৰতিবাদত অনুস্থিত ৰাজহুৱা সভাত অংশ গ্ৰহণ কৰিলে জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকে/ ঘটনাৰ সন্দৰ্ভত আটছাৰ সংবাদমেল
TEOK:টীয়কৰ বিভিন্ন দল সংগঠন তথা ৰাইজৰ সহযোগত জগদুৱাৰ উচ্চ মাধ্যমিক বিদ্যালয়ত ডা: দেবেন দত্তৰ হত্যাৰ প্ৰতিবাদত এক ৰাজহুৱা সভা অনুস্থিত কৰা হয়।উক্ত সভাত যোৰহাট জিলাৰ উপায়ুক্ত,
যোৰহাট জিলাৰ আৰক্ষী অধীক্ষক,
টীয়ক ৰাজহ চক্ৰ বিষয়া ,টীয়ক পৌৰসভাৰ পৌৰপতি, টীয়ক প্ৰেছ ক্লাবৰ বিষয়ববীয়াসকলকে প্ৰমুখ্য কৰি বৃহত্তৰ টীয়ক অঞ্চলৰ ভালেসংখ্যক সমাজ সচেতন ব্যক্তি উপস্থিত থাকে আৰু সকলোৱে একেমুখে দোষীক উপযুক্ত শাস্তি দিবলৈ দাবী জনায়।লগতে সভাৰ অন্তত জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকসহ কেইবাজনো প্ৰশাসনিক বিষয়াই মৃত ডা: দেবেন দত্তৰ ঘৰত উপস্থিত হৈ শোক সন্তপ্ত পৰিয়ালক সমবেদনা জ্ঞাপন কৰে।উল্লেখযোগ্য যে এই ৰাজহুৱা সভাত অসম চাহ জনজাতি ছাত্ৰ সন্হাৰ কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক পৱন বেদীয়া উপস্থিত হৈ সমগ্ৰ ঘটনাটো তীব্ৰ গৰিহণা জনোৱাৰ লগতে সভাৰ অন্তত জগদুৱাৰস্হিত ফুড ভিল্লাত এক সংবাদ মেল সম্বোধন কৰি কয় যে অপৰাধীৰ কোনো জাতি ধৰ্ম বৰ্ণ নাই, সেয়ে অসমৰ সন্মান ৰক্ষাৰ স্বাৰ্থত সকলো একত্ৰিত হৈ দোষীক কৰায়ত্বত কৰাত প্ৰশাসনক সহযোগিতা কৰিবলৈ আহ্বান জনাই আৰু ঘটনাটোত মৰ্মান্তিকভাৱে মৃত্যুক সাৱতি ল'ব লগা হোৱা ডা: দেবেন দত্তৰ আত্মাৰ সদগতিৰ তথা পৰিয়ালৰ প্ৰতি সমবেদনা জনোৱাৰ উদ্দেশ্যে কালিলৈ যোৰহাট জিলাৰ চাহ বাগানসমূহ এটা বেলাৰ বাবে বন্ধ ৰাখি প্ৰতিখন বাগানতে শ্ৰদ্ধাঞ্জলি অনুষ্ঠান অনুস্হিত কৰি এনেকুৱা ঘটনা পুনৰাবৃত্তি নহ'বলৈ সজাগতা সভা আয়োজন কৰিব বুলি জানিবলৈ দিয়ে।Conclusion:
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.