টীয়ক, 25 ডিচেম্বৰ : আজি 2022 বৰ্ষৰ শেষৰটো দেওবাৰ অৰ্থাৎ বন্ধবাৰ । পৰিয়ালৰ সৈতে পুৰণি বছৰটোক বিদায় দি নতুন উদ্যমেৰে নতুন বছৰটোক আদৰিবলৈ সকলো ব্যস্ত হৈ পৰিছে । পৰিয়ালৰ সৈতে ওলাই আহিছে বিভিন্নজন ওলাই আহিছে পৰ্যটকস্থলীলৈ । যোৰহাট জিলাৰ পূব প্ৰাপ্তৰ টীয়ক সমষ্টিৰ অন্তৰ্গত ঐতিহাসিক হাতীশাল ইক' পাৰ্কতো(Hatisal Eco park) এতিয়া একে দৃশ্য । জাঁজী, ব্ৰহ্মপুত্ৰ আৰু ককিলা নদীৰ সংগমস্থলত অৱস্থিত এই ইক' পাৰ্কত এইবাৰ বছৰৰ এই শেষৰ দেওবাৰটোত যথেষ্ট পৰ্যটক তথা বনভোজ প্ৰেমীৰ আগমন পৰিলক্ষিত হৈছে ।
উল্লেখযোগ্য যে, ঐতিহাসিক হাতীশাল এখন বুৰঞ্জী প্ৰসিদ্ধ ঠাই । ইয়াত আহোম ৰজাদিনত হাতী বন্ধা হৈছিল । সেয়ে এই ঠাই নাম হ'ল হাতীশাল । সেয়ে এই বুৰঞ্জীৰ পাতত থকা হাতীশালক ৰাজ্যৰ অন্যতম পৰ্যটনস্থলীলৈ পৰিবৰ্তন কৰিবলৈ টীয়কৰ কেইবাগৰাকীও উদীয়মান যুৱকে যোৱা দুটা বছৰে উক্ত সংগমস্থলীৰ কাষত এখন পাম গঢ়ি তুলিছে । উক্ত পামত সৰিয়হ, মাহ, বিভিন্ন ৰবি শস্যকে ধৰি বিভিন্ন প্ৰজাতিৰ ফুলৰ খেতি কৰি গঢ় দিছে এক সুন্দৰ পৰিবেশৰ । তেওঁলোকে লগতে উক্ত স্থানতে নিজৰ উৎপাদিত বিভিন্ন শাক-পাচলিৰে থলুৱা বিভিন্ন সুস্বাদু ব্যঞ্জনৰ খোৱাৰ সু-ব্যৱস্থা কৰিছে ।
শিশুসকলক ওমলিবলৈ এক শিশু উদ্যানৰো ব্যৱস্থা কৰিছে যুৱককেইজনে । ইপিনে পৰিকল্পিতভাৱে সকলো পৰ্যটকৰ বাবে আছুতীয়াকৈ নদীৰ ইপাৰে বনভোজস্থলীকে ধৰি গাড়ী মটৰ ৰখাৰ সুন্দৰ ব্যৱস্থা কৰিছে । বিশেষকৈ উক্ত স্থানতে অসমীয়া চহা সমাজৰ পৰা ক্ৰমাৎ হেৰাই যাবলৈ উপক্ৰম হোৱা বিভিন্ন খেতিপথাৰ, বাঁহী তথা বাঁহৰ সা-সঁজুলি তথা অন্যান্য অসমীয়া কৃষ্টি সংস্কৃতিৰ উপাদানেৰে এক সংগ্ৰহালয়ৰ ব্যৱস্থা কৰিছে । সেয়ে নৱবৰ্ষটি আপোন পৰিয়ালৰ সৈতে হাতীশালত উপভোগ কৰিবলৈ আহ্বান জনাইছে উদ্যোক্তাসকলে ।
ইপিনে এইসকল যুৱকৰ এনে প্ৰচেষ্টাই এতিয়া গ্ৰাম্য অৰ্থনীতিতো প্ৰভাৱ পেলাইছে । সমগ্ৰ প্ৰকল্পটোত প্ৰায় অৰ্ধ শতাধিক স্থানীয় যুৱক-যুৱতী সংস্থাপিত হৈ আছে । লগতে অনাগত দিনবোৰত আৰু অধিক পৰ্যটকৰ আকৰ্ষণৰ বাবে ন-ন চিন্তা পৰিকল্পনা হাতত লৈছে বুলি জানিবলৈ দিছে যুৱকসকলে । এই যান্ত্ৰিকতাৰ পৃথিৱীৰ পৰা কিছু নিলগত এক সেউজীয়া পৰিবেশত নৱবৰ্ষক আদৰিবলৈ হাতীশাললৈ আহিবলৈ সকলোকে আহ্বান জনাইছে এইসকল উদ্যামী যুৱকে ৷
ইতিমধ্যে হাতীশালত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা পৰ্যটক তথা প্ৰকৃতিপ্ৰেমী ভিৰ কৰা পৰিলক্ষিত হৈছে(Public gathering at picnic spot in Jorhat) ৷ এই প্ৰকল্পটো আৰু অধিক গতিশীল কৰিবলৈ চৰকাৰখনক সহায়ৰ হাত আগবঢ়াবলৈ ৰাইজৰ লগতে যুৱককেইজনে আহ্বান জনাইছে ।
লগতে পঢ়ক: Bagari chapori in moran: বছৰটোৰ শেষৰটো দেওবাৰত মৰাণৰ বগৰি চাপৰিত বনভোজ দলৰ ভিৰ