ETV Bharat / state

মকতব্ আদৰ্শ প্ৰাথমিক বিদ্যালয়ৰ ক্ষেত্ৰত জাৰি কৰা নিৰ্দেশনাক লৈ যোৰহাটত প্ৰতিবাদ - মূখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণ

শতবৰ্ষ গৰকা, ৰাষ্ট্ৰপতি পদক লাভ কৰা যোৰহাটৰ ঐতিহ্যমণ্ডিত মকতব্ আদৰ্শ প্ৰাথমিক বিদ্যালয়ৰ নাম ফলকক লৈ শিক্ষা বিভাগে প্ৰদান কৰা এক নিৰ্দেশাই ক্ষোভিত কৰি তুলিছে স্থানীয় ৰাইজ তথা প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সকলক ৷

As_jrt_17jun_protest_for_save_school_vis_byte_7203853

author img

By

Published : Jun 17, 2020, 5:37 PM IST

যোৰহাট, 17 জুনঃ যোৰহাটৰ এখন বিদ্যালয়ৰ নাম ফলকৰ ক্ষেত্ৰত শিক্ষা বিভাগে দিয়া এক নিৰ্দেশনাই প্ৰতিবাদমুখৰ কৰি তুলিছে প্ৰাক্তন শিক্ষাৰ্থী সকলক ৷ ১৮৯৬ চনতে যোৰহাটৰ ১০ নং ৱাৰ্ডত প্ৰতিষ্ঠা হোৱা শতবৰ্ষ গৰকা মকতব্ আদৰ্শ প্ৰাথমিক বিদ্যালয়ে লাভ কৰিছে ৰাষ্ট্ৰপতি পদকো ৷ অসমৰ বহু স্বনামধন্য ব্যক্তিয়ে অধ্যয়ণ কৰি গৈছে এই মকতব্ আদৰ্শ প্ৰাথমিক বিদ্যালয়ত ৷ আনকি বৰ্তমানৰ মূখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণইয়ো নিজৰ প্ৰাথমিক শিক্ষা সম্পন্ন কৰিছিল এইখন বিদ্যালয়তে ৷

মকতব্ আদৰ্শ প্ৰাথমিক বিদ্যালয়ৰ ক্ষেত্ৰত জাৰি কৰা নিৰ্দেশনাক লৈ যোৰহাটত প্ৰতিবাদ

হঠাৎ শিক্ষা বিভাগে প্ৰদান কৰা এক নিৰ্দেশনাই এতিয়া ক্ষোভিত কৰি তুলিছে যোৰহাটৰ সচেতন ৰাইজ তথা প্ৰাক্তন ছাত্ৰ-ছাত্ৰী সকলক ৷ প্ৰাথমিক শিক্ষা বিভাগে প্ৰদান কৰা নিৰ্দেশনা মতে, বিদ্যালয়খনে আঁতৰাই দিব লাগে মকতব শব্দটো ৷ তেওঁলোকৰ মতে, মকতব শব্দটো থাকিলে হেনো ছাত্ৰ-ছাত্ৰীসকলে কোনো উচ্চ শিক্ষা প্ৰতিষ্ঠানত আসন নাপায় ৷ এনে ধৰণৰ কিছুমান বিষয় উল্লেখ কৰি শিক্ষা বিভাগৰ তৰফৰ পৰা নিৰ্দেশনা আহে জিলা প্ৰাথমিক শিক্ষা বিষয়ালৈ ৷ যাক লৈ ক্ষোভিত প্ৰাক্তন ছাত্ৰ-ছাত্ৰী তথা স্থানীয় ৰাইজে বুধাবাৰে বিদ্যালয়খনৰ সন্মুখত সাব্যস্ত কৰে প্ৰতিবাদ ৷

লগতে পঢ়কঃ শিক্ষাৰ্থীক সাম্প্ৰতিক প্ৰযুক্তিৰ সৈতে মোকাবিলা কৰিবলৈ আহিলা প্ৰদানৰ দাবী গৌৰৱ গগৈৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.