ETV Bharat / state

জয়ন্ত বৰাৰ হত্যাৰ ন্যায় বিচাৰি বৰহোলাত প্ৰতিবাদ

জয়ন্ত বৰাৰ হত্যাকাণ্ডৰ ন্যায় বিচাৰি বুধাবাৰে ক্ষুব্ধ ৰাইজে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিলে যোৰহাটৰ বৰহোলা থানাৰ সন্মুখত ৷

বৰহোলাত প্ৰতিবাদ
বৰহোলাত প্ৰতিবাদ
author img

By

Published : Jul 29, 2020, 5:57 PM IST

যোৰহাট, 29 জুলাই: বিগত 15 জুনৰ নিশা অসম আৰক্ষী আৰু নিৰাপত্তা বাহিনীৰ এটা দলে আহি ঘৰৰ পৰা লৈ গৈছিল বৰহোলাৰ জয়ন্ত বৰা নামৰ যুৱকগৰাকীক ৷ পৰৱৰ্তী সময়ত সেই যুৱকগৰাকীক অসম আৰক্ষীৰ লগতে নিৰাপত্তা বাহিনীৰ দলে হত্যা কৰাৰ অভিযোগ উত্থাপন হৈছিল ৷ ইয়াৰ বিৰুদ্ধে এক প্ৰতিবাদমুখৰ পৰিস্থিতিয়ে বিৰাজ কৰিছিল ৰাজ্যজুৰি ৷ যাৰ বাবে ঘটনা সংঘটিত হোৱাৰ 24 ঘন্টাৰ ভিতৰত মুখ্যমন্ত্ৰীৰ নিৰ্দেশত অসম চৰকাৰৰ মন্ত্ৰী অতুল বৰা, যোগেন মহন,সাংসদ তপন গগৈয়ে আহি 7 দিনৰ ভিতৰত তদন্ত কৰি দোষীক চিনাক্তকৰণৰ লগতে শাস্তি দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল ৷ কিন্তু আজি 45 দিন অতিক্ৰম কৰিলে সেই প্ৰতিশ্ৰুতিৰ ৷ কোনো ধৰণৰ তদন্তৰ প্ৰতিবেদন নিদিলে এগৰাকীও মন্ত্ৰীয়ে ৷ আনহাতে তেওঁলোকে এই ঘটনাৰ লগত জড়িত লোকক সোধ-পোছ নকৰাৰো অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে ৷

জয়ন্ত বৰাৰ হত্যাৰ ন্যায় বিচাৰি বৰহোলাত প্ৰতিবাদ

আনহাতে এই ঘটনাৰ জড়িত এগৰাকীও লোকক গ্ৰেপ্তাৰো কৰা নহ'ল ৷ এই ঘটনাৰ বিৰুদ্ধে ৰাইজে চিবিআইৰ তদন্ত বিচাৰিছিল যদিও সেয়াও নহ'ল কাৰ্যক্ষম ৷ যাৰ বাবে বুধবাৰে জয়ন্ত বৰা হত্যাকাণ্ডৰ তদন্তৰ সন্দৰ্ভত ন্যায় বিচাৰি ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিলে বৰহোলা থানাৰ সন্মুখত ৷ ৰাইজৰ অভিযোগ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে তেওঁৰ গৃহ বিভাগে গুপ্তহত্যাৰ পৃষ্ঠপোষকতা কৰিছে ৷ আগন্তুত দিনত যদি এই ঘটনাৰ বিৰুদ্ধে চৰকাৰে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে নিজৰ জীৱনলৈ অহা প্ৰত্যাহ্বানকো নেওচি আইনী আৰু ৰাজপথৰ সংগ্ৰাম আগুৱাই নিব বুলি হুংকাৰ প্ৰদান কৰে প্ৰতিবাদকাৰী সকলে ৷

লগতে পঢ়ক: পথৰ মাজত ভূঁই ৰুই প্ৰতিবাদ আছুৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.