ETV Bharat / state

চুতীয়া জনগোষ্ঠীৰ লোকে প্ৰাৰ্থিত্ব নোপোৱাকলৈ তিতাবৰত প্ৰতিবাদ - protest by chutia student union

চুতীয়া জনগোষ্ঠীৰ লোকে প্ৰাৰ্থিত্ব নোপোৱাকলৈ তিতাবৰত প্ৰতিবাদ সাব্যস্ত কৰে চুতীয়া ছাত্ৰ সন্থাই । তিতাবৰত সৰ্বাধিক চুতীয়া জনগোষ্ঠীয় ভোটাৰ থকাৰ পাছতো জনগোষ্ঠীটোক বিজেপিয়ে অৱহেলা কৰাৰ অভিযোগ সংগঠনটোৰ ।

চুতীয়া জনগোষ্ঠীৰ লোকে প্ৰাৰ্থিত্ব নোপোৱাকলৈ তিতাবৰত প্ৰতিবাদ

author img

By

Published : Mar 6, 2021, 8:26 PM IST

তিতাবৰ,৬ মাৰ্চ: নিৰ্বাচন সন্মুখত । ৰাজনৈতিক দলসমূহে প্ৰাৰ্থীৰ নাম ঘোষণা কৰাত ব্যস্ত । কিন্তু তেনে সময়তে বিজেপি দলৰ বিৰুদ্ধে ক্ষোভিত হৈছে চুতীয়া ছাত্ৰ সন্থা । বিজেপি দলে তিতাবৰ আৰু গোলাঘাটত এজনো চুতীয়া জনগোষ্ঠীৰ লোকক প্ৰাৰ্থিত্ব প্ৰদান নকৰাকলৈ অসন্তুষ্ট চুতীয়া ছাত্ৰ সন্থা । যোৰহাট জিলাৰ তিতাবৰত সৰ্বাধিক চুতীয়া জনগোষ্ঠীয় ভোটাৰ থকাৰ পাছতো দলে জনগোষ্ঠীটোৰ লোকক টিকট নিদিয়াত প্ৰতিবাদ সাব্যস্ত কৰে সংগঠনটোৱে ।

প্ৰতিবাদ স্বৰূপে প্ৰাৰ্থিত্ব লাভ কৰা হেমন্ত কলিতাৰ প্ৰতিকৃতি দাহ কৰে সংগঠনটোৰ সদস্যসকলে । ৰাজনৈতিক দল সমূহে জনগোষ্ঠীটোক অৱহেলিত কৰি অহা বুলি অভিযোগ সংগঠনটোৰ কৰ্মীসকলৰ লগতে অনাগত দিনত বিজেপি দলে ইয়াৰ উচিত প্ৰত্যুত্তৰ পাব বুলি হুংকাৰ দিয়ে চুতীয়া ছাত্ৰ সন্থাৰ কৰ্মীসকলে ।

লগতে পঢ়ক:হৃদৰোগত আক্ৰান্ত হৈ সঞ্জয় কিষানৰ দলীয় কৰ্মীৰ মৃত্যু

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.