ETV Bharat / state

যোৰহাটত যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ - প্ৰতিবাদী কাৰ্যসূচী

যোৰহাটৰ বিভিন্ন পথ সমূহৰ লগতে চহৰখনৰ মূল পথৰ অৱস্থা জৰাজীৰ্ণ হৈ পৰাত যাত্ৰাত অসুবিধাৰ সৃষ্টি হৈছে সাধাৰণ জনতাৰ

যোৰহাটত যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদ
author img

By

Published : Aug 29, 2019, 12:38 PM IST

Updated : Aug 29, 2019, 1:35 PM IST

যোৰহাট, 29 আগষ্টঃ জৰাজীৰ্ণ পথ পুনৰ নিৰ্মাণৰ দাবীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদী কাৰ্যসূচী ৷ যোৰহাটৰ বিভিন্ন পথ সমূহৰ লগতে চহৰখনৰ মূল পথৰ অৱস্থা জৰাজীৰ্ণ হৈ পৰাত যাত্ৰাত অসুবিধাৰ সৃষ্টি হৈছে সাধৰণ জনতাৰ ৷ যাৰ বাবে বৃহস্পতিবাৰে বিধস্ত পথ সমূহ পুনৰ নিৰ্মাণৰ দাবীত জিলা উপায়ুক্তৰ কাৰ্যালয় সন্মুখত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে ৷

জৰাজীৰ্ণ পথ পুনৰ নিৰ্মাণ দাবীত যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিবাদী কাৰ্যসূচী।।

বিগত সময়চোৱাত ৰাজ্যখনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ যাতায়ত ব্যৱস্হাৰ পথ সমূহৰ অৱস্থা জৰাজীৰ্ণ হৈ পৰিছে।কিন্তু গড়কম্পানী বিভাগৰ দায়িত্ব বহন কৰা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিভাগৰ অৰ্কমণ্য আৰু অদুৰদৰ্শীতাৰ ফলত গুৰুত্বপূৰ্ণ পথ সমূহ জৰাজীৰ্ণ ৰূপ লৈছে।যাৰ ফলত বহু দুৰ্ঘটনা সংঘটিত হৈছে বিভিন্ন সময়ত।আনহাতে যোৰহাট জিলা খনৰ বিভিন্ন পথ সমূহৰ লগতে চহৰখনৰ মুল পথৰ অৱস্থা তথৈবচ।যাৰফলত যাতায়তৰ অনুপযোগী হৈ পৰিছে বহু পথ।সমগ্র ৰাজ্যৰ লগতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে পথ সমূহ পুনৰ নিৰ্মাণ কৰাৰ দাবীত কৰা প্ৰতিবাদী কাৰ্যসূচী যোৰহাট জিলা খনতো জাতীয় সংগঠন টোৰ মহানগৰ সমিতিয়ে জিলা উপায়ুক্ত কায্যলয়ৰ সন্মুখত অৱস্থান ধৰ্মঘটৰে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে।আনহাতে যূৱ ছাত্ৰ পৰিষদৰ বিভিন্ন সমিতিয়ে জিলাখনৰ প্ৰতিটো উন্নয়ন খন্ড সন্মুখত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি অতি শীৰ্য্ৰে জৰাজীৰ্ণ পথসমুহ নিৰ্মাণৰ দাবী কৰিছে।
Last Updated : Aug 29, 2019, 1:35 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.