টীয়ক, 31 আগষ্টঃ মাইক্ৰ'ফাইনেন্সেকে ধৰি সকলো ক্ষুদ্ৰ ঋণ ৰেহাই আৰু সূলভ মূল্যৰ সামগ্ৰীৰ তালিকাত দাইল, মিঠাতেল,চেনী,কণী আৰু গাখীৰ যুক্ত কৰা তথা দৰিদ্ৰ সীমা ৰেখাৰ তলৰ সকলো পৰিয়ালৰ বিদ্যুৎ মাচুল হ্ৰাস আৰু চৰকাৰী অভিলাসী অৰুণোদয় আঁচনিৰ আবেদন প্ৰ-পত্ৰ ৰাজহুৱা কৰাৰ দাবীৰে সাব্যস্ত কৰে প্ৰতিবাদ ৷
সদৌ অসম চাহ জনগোষ্ঠী অধিকাৰ সংগ্ৰাম সমিতি, সন্মিলিত নাৰী অধিকাৰ সমিতি আৰু মাইক্ৰ'ফাইনেন্স শোষণ বিৰোধী সংগ্ৰামী মঞ্চৰ উদ্যোগত সোমবাৰে টীয়ক ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে । প্ৰায় অৰ্ধ শতাধিক পুৰুষ মহিলাই বিভিন্ন চৰকাৰ বিৰোধী শ্ল'গানেৰে পৰিৱেশ উত্তাল কৰি তুলি দাবীসমূহ অনতি পলমে পূৰণৰ বাবে আহ্বান জনায় ৷ অন্যথা অহা ১ চেপ্তেম্বৰৰ পৰা মাহযোৰা গণতান্ত্ৰিকভাৱে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব বুলি হুংকাৰ দিয়ে প্ৰতিবাদকাৰীসকলে ।
লগতে পঢ়কঃ বিধানসভা অধিবেশন: প্ৰথমটো দিনতে সদনৰ পৰা বহিস্কৃত ৰূপজ্যোতি কুৰ্মী