ETV Bharat / state

বিধায়ক ভৰত নৰহৰ বিৰুদ্ধে টীয়কত তীব্ৰ প্ৰতিবাদ - আহোম জনগোষ্ঠী

অসম বিধানসভা অধিবেশনৰ তৃতীয় দিনা বিধানসভাৰ মজিয়াত নাওবৈচা সমষ্টিৰ কংগ্ৰেছী বিধায়ক ভৰত নৰহে আহোম জনগোষ্ঠীক লৈ কৰা বিৰূপ মন্তব্যৰ পাচতে তীব্ৰ প্ৰতিবাদৰ সৃষ্টি হৈছে উজনি অসমত ৷ 600 বছৰীয়া আহোম ৰাজত্বক বংগীয় মুলমানৰ লগত তুলনা কৰা ঘটনাক কোনো কাৰণতে সহ্য কৰা নহ'ব বুলি হুংকাৰ প্ৰদান কৰি বিধায়কগৰাকীক অনতি পলমে ক্ষমা বিচাৰিবলৈ দাবী জনাইছে স্থানীয় দল-সংগঠনে ৷

protest against mla bharat narah in Teok
বিধায়ক ভৰত নৰহৰ বিৰুদ্ধে টীয়কত তীব্ৰ প্ৰতিবাদ
author img

By

Published : May 27, 2021, 8:53 PM IST

টীয়ক,27মে': নাওবৈচা সমষ্টিৰ কংগ্ৰেছী বিধায়ক ভৰত নৰহৰ বিৰুদ্ধে টীয়কত প্ৰতিবাদ ৷ অসম বিধানসভাৰ অধিবেশনৰ তৃতীয় দিনা তথা অন্তিম দিনা আহোম জনগোষ্ঠীক পূৰ্ব বংগীয় মুছলমানৰ সৈতে তুলনা কৰি আগবঢ়োৱা মন্তব্যৰ পাচতে ক্ষোভত জ্বলিছে টাই আহোম ছাত্ৰ সন্থা ৷ বিধায়কগৰাকীৰ এনে মন্তব্যৰ পাচতে সমগ্ৰ উজনি অসমতে তীব্ৰ প্ৰতিবাদৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে ৷

বিধায়ক ভৰত নৰহৰ বিৰুদ্ধে টীয়কত তীব্ৰ প্ৰতিবাদ

বৃহস্পতিবাৰে টীয়কৰ ঐতিহাসিক লাচিত মৈদামৰ প্ৰাংগণত ক'ভিড প্ৰট'কল মানি যোৰহাট জিলা টাই আহোম ছাত্ৰ সন্থা আৰু জিলা আহোম সেনাৰ লগতে বহুসংখ্যক সচেতন জনগোষ্ঠীয় ৰাইজে ভৰত নৰহৰ পুত্তোলিকা দাহ কৰি বিভিন্ন শ্ল'গানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। লগতে 600 বছৰীয়া আহোম ৰাজত্বক বংগীয় মুলমানৰ লগত তুলনা কৰা ঘটনাক কোনো কাৰণতে সহ্য কৰা নহ'ব বুলি হুংকাৰ প্ৰদান কৰি বিধায়কগৰাকীক অনতি পলমে ক্ষমা বিচাৰিবলৈ দাবী উত্থাপন কৰিছে ৷ অন্যথা আহোম অধ্যুষিত অঞ্চলত ভৰত নৰহৰ প্ৰবেশ নিষিদ্ধ কৰিব বুলি মন্তব্য কৰিছে দল-সংগঠনসমূহে ৷

লগতে পঢ়ক: নলবাৰীৰ কথিত ভাষাক লৈ ইতিকিং কৰা যুৱকৰ বিৰুদ্ধে এজাহাৰ

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.