ETV Bharat / state

নতুন ভূমিনীতিৰ বিৰুদ্ধে যোৰহাটত কৃষক মুক্তিৰ প্ৰতিবাদ

author img

By

Published : Jul 6, 2020, 2:06 PM IST

সোমবাৰে যোৰহাটত শেহতীয়াকৈ অসম চৰকাৰে জাৰি কৰা নতুন ভূমি নীতিৰ অধ্যাদেশৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিলে,কৃষক মুক্তি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সদস্যসকলে ।

as_jrt_6jun_kmss_protest_aginest_landlaw_vis_byte_7203853

যোৰহাট, 6 জুলাইঃ সোমবাৰে সমগ্ৰ অসমৰ লগতে, যোৰহাটত সম্পূৰ্ণ সামাজিক দূৰত্ব বৰ্তাই ৰাখি কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে অনশন কাৰ্যসূচী ৰূপায়ণ কৰে । অনশনস্থলীৰ পৰাই অসম চৰকাৰক সকীয়নি প্ৰদান কৰিলে কৃষকনেতা সকলে । শেহতীয়াকৈ অসম চৰকাৰে জাৰি কৰা নতুন ভূমি নীতিৰ অধ্যাদেশৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিলে প্ৰতিবাদকাৰীসকলে ।

নতুন ভূমিনীতিৰ বিৰুদ্ধে যোৰহাটত কৃষক মুক্তিৰ প্ৰতিবাদ

এই নীতিক অসমৰ কৃষকৰ ভূমি উদ্যাগীকৰণৰ নামত পুঁজিপতিৰ হাতত গতাই দিয়াৰ ষড়যন্ত্ৰ বুলি উল্লেখ কৰি,এই কাৰ্য বন্ধ কৰিবলৈ দাবী জনায় প্ৰতিবাদকাৰীসকলে। অন্যথা আগন্তক দিনত ইয়াৰ বিৰুদ্ধে গণতান্ত্ৰিকভাৱে তীব্ৰ আন্দোলন কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ'ব বুলি উল্লেখ কৰে কৃষক নেতাসকলে। প্ৰতিবাদকাৰীসকলে আৰম্ভণিৰ পৰাই বিজেপি চৰকাৰে কৃষকৰ জীৱনক লৈ হেতালি খেলি আহিছে বুলি অভিযোগ উত্থাপন কৰি,চৰকাৰে শেহতীয়াকৈ জাৰি কৰা অধ্যাদেশখনৰ ফলত সকলো কৃষক তথা শ্ৰমজীৱী ৰাইজৰ লগতে অসমৰ জাতি,মাটি,ভেটি সম্পূৰ্ণ ধ্বংস হোৱাটো নিশ্চিত বুলি মন্তব্য কৰে ।

লগতে পঢ়কঃ মূল্যবৃদ্ধি নিয়ন্ত্ৰণত ব্যৰ্থ চৰকাৰৰ বিৰুদ্ধে শিৱসাগৰত আছুৰ প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.