যোৰহাট, ১৬ ডিচেম্বৰ : বিশ্ববিদ্যালয়ৰ অনুদান আয়োগ আৰু মানৱ সম্পদ উন্নয়ন মন্ত্ৰালয়ে উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰায় ১০,০০০ মেধাৱী ছাত্র-ছাত্ৰীক প্ৰতি বছৰে 'ঈশান উদয়'ৰ বৃত্তি প্ৰদান কৰি আহিছে (Ishan Uday Scholarship scam in North east)। ২০২০-২১ বৰ্ষৰ ছাত্র-ছাত্ৰীসকলৰ মেধাৱী তালিকাখন NSP প'ৰ্টেলত চাৰি মাহ পূৰ্বে প্ৰকাশ কৰা হৈছিল আৰু এই তালিকাখন প্ৰকাশ পোৱাৰ পাছতেই এই তালিকাখনত ভুৱা প্ৰতিষ্ঠানৰ হাজাৰ হাজাৰ ছাত্র-ছাত্ৰীৰ নাম অন্তৰ্ভুক্ত হোৱা কথাটো পোহৰলৈ আহিছে ।
ইয়াৰ লগতে এই আঁচনিৰ জৰিয়তে প্ৰায় ২০ কোটি টকাৰ এক বৃহৎ ধন আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন হৈছে । এই সমগ্ৰ কেলেংকাৰীক লৈ যোৰহাট জিলাত বৃহৎ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে অপ্ৰতিৰোধ্য নামৰ এটা সংস্থাই । যোৰহাট জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত আয়োজিত প্ৰতিবাদত জিলাখনৰ বহু কেইখন মহাবিদ্যালয়ৰ ছাত্র-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে (Student protest at Jorhat)।
প্ৰতিবাদৰ জৰিয়তে সমগ্ৰ দুৰ্নীতিৰ বিৰুদ্ধে তদন্ত কৰিবলৈ শিক্ষামন্ত্ৰী আৰু অসমৰ মুখ্যমন্ত্ৰীক দাবী জনায় শিক্ষাৰ্থীসকলে । উক্ত দাবীৰে যোৰহাট জিলা উপায়ুক্তৰ যোগেদি এক স্মাৰক পত্ৰও প্ৰেৰণ কৰা হয় । ইফালে আঁচনিখন সন্দৰ্ভত তদন্ত কৰি অতি শীঘ্ৰে বঞ্চিত মেধাৱী ছাত্ৰ-ছাত্ৰীসকলক তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ দাবী জনায় অপ্ৰতিৰোধ্য সংস্থা আৰু শিক্ষাৰ্থীসকলে ।
লগতে পঢ়ক :Bank employees protest in Assam : বেংক ব্যক্তিগতকৰণৰ বিৰুদ্ধে প্ৰতিবাদ