যোৰহাট,26 ফেব্ৰুৱাৰীঃ নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে পুনৰ সৰৱ হৈ পৰিছে অসমীয়া । নাগৰিকত্ব সংশোধনী আইন বাতিল নকৰা পৰ্যন্ত ধাৰাবাহিক ভাৱে চলিব প্ৰতিবাদী গণতান্ত্ৰিক আন্দোলন । ৰাজপথত আন্দোলন কৰি কৰি দিছপুৰৰ গাদী দখল কৰা ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু ৮৫৫ গৰাকী শ্বহীদৰ তেজৰ নৈত উপঙি ৰাজনৈতিক গাদীত বঢ়া অসম গণ পৰিষদৰ নেতাই পাহৰি গ'ল অসমীয়া জাতিৰ ৰক্ষাৰ কথা । একমাত্ৰ ৰাজনৈতিক ক্ষমতা দীৰ্ঘম্যাদী কৰিব বাবেই ধৰ্মৰ ভিত্তি নাগৰিকত্ব সংশোধনী আইন অসমীয়া জাতিৰ ওপৰত জাপি দিবলৈ বিচৰা কোনো কাৰণত মানি নলয় অসমীয়া ৰাইজে । সেই সূত্ৰেই বুধবাৰে নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত সদৌ অসম ছাত্ৰ সন্থা আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ শতাধিক কৰ্মীয়ে যোৰহাট জিলা উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত ব্যাপক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ।
লগতে পঢ়কঃনিৰাপত্তা বাহিনীৰ নাটনি হিংসা বিয়পোৱাৰ মুল কাৰণঃদিল্লী আৰক্ষী