যোৰহাট , 11 জানুৱাৰী : জাতি ধ্বংসী নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে অসমীয়া জাতি ঐকবদ্ধ হোৱাৰ ইংগিত বহন কৰিছে মুছলমান সমাজৰ প্ৰতিবাদী কাৰ্যসূচীয়ে । সকলো জাতীয় দল-সংগঠনৰ লগতে সাধাৰণ ৰাইজে এই আইনৰ বিৰুদ্ধে নামি পৰিছে ৰাজপথত ৷ নাগৰিকত্ব সংশোধনী আইন বলৱৎ হোৱাৰ পাছতে উত্তাল হৈ পৰিছে ৰাজ্যৰ পৰিৱেশ । জাতিধ্বংসী আইনৰ বিৰুদ্ধে যোৰহাটৰ ৰাজপথত উজনি অসম মুছলিম কল্যাণ পৰিষদৰ ব্যাপক প্ৰতিবাদী কাৰ্যসূচী । বিভিন্ন দল সংগঠনৰ লগতে সচেতন নাগৰিকে যোৰহাট উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত উজনি অসম মুছলিম কল্যাণ পৰিষদৰ উদ্যোগত প্ৰতিবাদী "গণ অৱস্থান"ধৰ্মঘটত অংশগ্ৰহণ কৰে । সদৌ অসম ছাত্ৰ সন্থাৰ যোৰহাট জিলা সমিতিৰ সাধাৰণ সম্পাদক জিতু নেওঁগে প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি সময় থাকোতেই পুনৰ বিবেচনা কৰিবলৈ চৰকাৰক আহ্বান জনায় ।
আনহাতে যোৰহাট জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ সন্মুখত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদেও প্ৰতিবাদ সাব্যস্ত কৰে ৷ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ অৰ্ধশতাধিক কৰ্মীয়ে ক'লা পতাকা প্ৰদৰ্শিত কৰাৰ লগতে নৰেন্দ্ৰ মোদী, অমিত শ্বাহ আৰু সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে । সময় থাকোতেই যদি এই আইন উঠাই নলয় তেনেহ'লে অনাগত দিনত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে তীব্ৰ আন্দোলনৰ হুংকাৰ প্ৰদান কৰিছে কেন্দ্ৰীয় বিত্ত সম্পাদক শিৱ কলিতাই ।
আৰু পঢ়ক : সাংসদ তাছাক যোৰহাটত ক'লা পতাকা প্ৰদৰ্শন