যোৰহাট,15 মাৰ্চঃ মহামাৰী কৰ’ণা ভাইৰাছে বিভীষিকা সৃষ্টি কৰাত বিপাঙত পৰিছে ভ্ৰাম্যমাণ থিয়েটাৰ কৰ্তৃপক্ষ ৷ যোৰহাট প্ৰশাসনে ভাইৰাছবিধ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি বিভিন্ন অনুষ্ঠান অনুষ্ঠিত কৰাত বাধা প্ৰদান কৰিছে ৷ সমানুপাতিকভাৱে ভ্ৰাম্যমাণ থিয়েটাৰ অনুষ্ঠিত কৰাত বাধা প্ৰদান কৰিছে জিলা প্ৰশাসনে । সেয়ে এতিয়া বিপাঙত পৰিছে ভ্ৰাম্যমাণ থিয়েটাৰ কৰ্তৃপক্ষ ৷
দেওবাৰে বিষয় সন্দৰ্ভত যোৰহাট থিয়েটাৰ হলত অভিনেত্ৰী প্ৰস্তুতি পৰাশৰে এক সংবাদমেল সম্বোধন কৰি প্ৰশাসনক এই সিদ্ধান্ত বাতিল কৰিবলৈ অনুৰোধ জনাইছে ৷ যিহেতু ভ্ৰাম্যমাণ থিয়েটাৰ একেবাৰে থলুৱা ব্যক্তি তথা সমিতিৰ দ্বাৰা আয়োজন কৰা হয়, তেনেক্ষেত্ৰত ভাইৰাছবিধৰ দ্বাৰা সংক্ৰমণ হোৱাৰ আশংকা অতি নগণ্য বুলি প্ৰকাশ কৰে অভিনেত্ৰী প্ৰস্তুতিয়ে ৷ স্বাস্থ্য বিভাগক ভ্ৰাম্যমাণ থিয়েটাৰৰ লগতে আন আন থিয়েটাৰ তথা অনুষ্ঠানসমূহত বিশেষ স্কেনিঙৰ ব্যৱস্থা কৰাৰ বাবে অনুৰোধ জনায় অভিনেত্ৰী গৰাকীয়ে । ভাইৰাছৰ সংক্ৰমণৰ ভয়ত এনেদৰে থলুৱা উদ্যোগৰ অনুষ্ঠানবোৰ বন্ধ কৰিলে থলুৱা লোকসকলে পেটত গামোচা মাৰিব লাগিব বুলি আক্ষেপ প্ৰকাশ কৰে অভিনেত্ৰী প্ৰস্তুতি পৰাশৰে ৷
লগতে চাওকঃকৰ'ণা ভাইৰাছ সন্দৰ্ভত সাৱধানতা অৱলম্বন শোণিতপুৰ জিলা প্ৰশাসনৰ