ETV Bharat / state

Rash Lila preparation : যোৰহাটত ৰাসৰ অন্তিম আখৰাত ব্যস্ত শিল্পী

author img

By

Published : Nov 5, 2022, 10:58 AM IST

যোৰহাট জিলাৰ বিভিন্ন প্ৰান্তত ৰাসলীলাৰ আয়োজন কৰা হৈছে । ৰাসৰ বাবে ব্যাপক প্ৰস্তুতি চলিছে (Preparation for Rash Lila)। ৰাসৰ আখৰাত ব্যস্ত হৈ পৰিছে শিল্পী আৰু কলা-কুশলীসকল ।

Rash Lila preparation
যোৰহাটত ৰাসৰ অন্তিম আখৰাত ব্যস্ত শিল্পী

যোৰহাট,৫ নৱেম্বৰ : উজনি নামনি সকলোতে এতিয়া ৰাসৰ ব্যাপক প্ৰস্তুতি চলিছে (Preparation for Rash Lila in Assam)। শ্ৰীকৃষ্ণৰ ৰাসলীলালৈ মাজত মাত্ৰ এটা দিন বাকী থকাৰ মাজতে এতিয়া চাৰিওফালে ব্যাপক তৎপৰতা দেখিবলৈ পোৱা গৈছে । ৰাজ্যৰ সাংস্কৃতিক ৰাজধানী খ্যাত যোৰহাট জিলাও ব্যতিক্ৰম নহয় ।

জিলাখনৰ বাঘমৰাত সৰ্বোদয় সংঘৰ উদ্যোগত তিনিদিনীয়াকৈ শ্ৰীকৃষ্ণৰ সম্পূৰ্ণ ৰাসলীলাৰ আয়োজন কৰা হৈছে (Rash Lila organised in Jorhat)। অহা ৭ নৱেম্বৰৰ পৰা ৯ নৱেম্বৰলৈ প্ৰদৰ্শন হ'ব শ্ৰীকৃষ্ণৰ ৰাস লীলা আৰু নৱেম্বৰ মাহৰ শেষ সপ্তাহত পুৰণি মাতি সত্ৰত শ্ৰীকৃষ্ণৰ ৰাস লীলা অনুষ্ঠিত হ'ব (Rash Lila celebration)। প্ৰতিদিনে সন্ধিয়া বিভিন্ন স্থানৰ পৰা অহা শিল্পীৰ সমাহাৰ ঘটিব এই ৰাসলীলাত । যাৰ বাবে এতিয়া ৰাসৰ শেষ আখৰাত ব্যস্ত হৈ পৰিছে শিল্পী আৰু কলা-কুশলীসকল ।

যোৰহাটত ৰাসৰ অন্তিম আখৰাত ব্যস্ত শিল্পী

একপ্ৰকাৰ দ্বিতীয় বৈকুণ্ঠলৈ পৰিণত হৈছে ৰাস আখৰাস্থলীসমূহ । আখৰাস্থলীত ৰাসৰ সুৰীয়া প্ৰতিধ্বনি শুনিবলৈ পোৱা গৈছে । বাঁহী, খোলৰ শব্দ গুঞ্জৰিত হৈছে আখৰাস্থলী । ইফালে সত্ৰ ৰংগমঞ্চত দুপৰ নিশালকৈ ৰাসৰ শেষ আখৰাত ব্যস্ত দেখা গৈছে কলা-কুশলী আৰু শিল্পীসকলক (Artist busy in Rash Lila practice)।

ভক্তৰ লগতে অতিথিক আদৰিবলৈও সাজু হৈছে ৰাসৰ লগত জড়িত প্ৰতিগৰাকী লোক তথা ৰাস সমিতিসমূহ । ৰাসলীলাক লৈ যোৰহাটৰ প্ৰত্যেকজন লোকৰ মাজত এতিয়া পাৰভঙা আনন্দ আৰু উৎসাহ দেখিবলৈ পোৱা গৈছে । নিশালৈ ডেকা, গাভৰু সকলোৱে ৰাসৰ আখৰাত ব্যস্ত হৈ পৰিছে । আনহাতে ৰাসৰ আখৰাস্থলী গোপী আৰু শ্ৰীকৃষ্ণৰ নৃত্যত দ্বিতীয় বৃন্দাবনলৈ পৰিণত হৈ পৰিছে ।

উল্লেখ্য যে দুটা বছৰৰ বিৰতিৰ অন্তত এইবাৰ সত্ৰ আৰু অস্থায়ী ৰংগমঞ্চসমূহে উলহ মালহেৰে শ্ৰীকৃষ্ণৰ সম্পূৰ্ণ ৰাসলীলা পালন কৰিবলৈ কোনো ধৰণৰ ক্ৰতি এৰি দিয়া নাই । শ্ৰীশ্ৰী অনিৰূদ্ধদেৱ সাংস্কৃতি বিকাশ কেন্দ্ৰৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত অহা ১৯ আৰু ২০ নৱেম্বৰত শ্ৰীকৃষ্ণৰ সম্পূৰ্ণ ৰাসলীলাৰ আয়োজন কৰা হৈছে । য'ত চলচ্চিত্ৰজগতৰ কেইবাগৰাকী অভিনেতা-অভিনেত্ৰীৰ আগমন হ'ব । সংবাদ মাধ্যমৰ জৰিয়তে উক্ত ৰাসলীলাৰ উদ্যোক্তাই ৰাইজৰ সহযোগিতা বিচাৰিছে ।

লগতে পঢ়ক :Assam Book Fair 2022: ধেমাজিত অসম গ্ৰন্থমেলা উদ্বোধন কৰিলে মন্ত্ৰী পেগুৱে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.