যোৰহাট, 9 জানুৱাৰী : অসমীয়াৰ বাপতি সাহোন বিহু আহি পদূলিমুখত ৷ এয়া ভোগৰ বতৰ । হেঁপাহৰ ভোগালীৰ বতৰত জ্বলিব মেজিৰ জুই । এই মাঘ বিহুৱে আনিব শান্তি-সম্প্ৰীতি তথা ঐক্যৰ বতৰা । কঙালীৰ পাছত সমৃদ্ধিৰ বতৰা লৈ আহে ভোগালী ।
চেনেহৰ ভোগালীক আদৰিবলৈ দক্ষিণ-পশ্চিম যোৰহাটৰ ২ নং চৰাইবাহী গাঁৱত চলিছে পূৰ্ণ প্ৰস্তুতি (Preparation for Bhogali Bihu at Charaibahi) ৷ ৰাইজে একত্ৰিত হৈ সাজি উলিয়ালে যন্তৰ-মন্তৰ আকৃতিৰ ভেলাঘৰ ৷
উৰুকাৰ নিশা গাঁৱবাসীয়ে মিলি-জুলি একেলগ হৈ এসাঁজ খোৱাৰ উদ্দেশ্যে সাজি উলিয়াইছে এক বিশেষ আৰ্হিৰ ভেলাঘৰ ৷ কালৰ গতিত তথা আধুনিকতাৰ প্ৰভাৱত পূৰ্বৰ সেই ভেলাঘৰৰ ব্যাপক পৰিৱৰ্তন হৈছে যদিও আজিও পৰিৱৰ্তন হোৱা নাই ভেলাঘৰ নিৰ্মাণ কৰা সঁজুলি তথা কেঁচা সামগ্ৰীসমূহ ৷
প্ৰায় ডেৰ মাহ ধৰি ৰাজহুৱা প্ৰচেষ্টাৰ ফলত সম্পূৰ্ণ হোৱাৰ দিশে ৰাজধানী দিল্লীৰ বিখ্যাত যন্তৰ-মন্তৰ আৰ্হিৰ এই ভেলাঘৰ । বৰ্তমান এই বিশেষ ভেলাঘৰটিয়ে দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে ৷ এশৰো অধিক বাঁহেৰে সাজি উলিওৱা যন্তৰ-মন্তৰ চৰাইবাহী গাঁৱৰ ভোগালী বিহুৰ মুখ্য আকৰ্ষণ ৷
লগতে পঢ়ক : Preparation for Bhogali Bihu : টিংখাঙত ভোগালীৰ আকৰ্ষণৰ মূল কাৰণ টাইটানিক