যোৰহাট,3 নৱেম্বৰ: তিনিবাৰকৈ মুখ্যমন্ত্ৰীৰ পদত অধিষ্ঠিত হোৱা প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ কৰ’ণাত আক্ৰান্ত হৈ সুস্থ হোৱাৰ পাছত পুুনৰ সোমবাৰে গুৰুতৰভাৱে অসুস্থ হৈ পৰে ৷ সোমবাৰে ততাতৈয়াকৈ প্ৰাক্তন মুখ্যমন্ত্ৰী গগৈক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ আইচিইউত ভৰ্তি কৰা হৈছিল ৷ সম্প্ৰতি গগৈৰ স্বাস্থ্যৰ আশু-আৰোগ্য কামনাৰে ৰাজ্যৰ ভিন্ন দল-সংগঠনে আয়োজন কৰিছে প্ৰাৰ্থনা সভাৰ ৷
মঙলবাৰে যোৰহাট জিলা কংগ্ৰেছৰ কৰ্মীসকলেও প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ আশু-আৰোগ্য কামনাৰে যোৰহাটৰ মাজমজিয়াস্থিত গান্ধী পাৰ্কত আয়োজন কৰে সৰ্বধৰ্মীয় প্ৰাৰ্থনা সভাৰ ৷ উক্ত সভাত গগৈৰ আৰোগ্য কামনাৰে পাঠ কৰা হয় গীতা, কোৰাণ, বাইবেল, ত্ৰিপিটককে ধৰি ধৰ্মগ্ৰন্থসমূহ ৷
লগতে চাওকঃ COVID-19 প্ৰ'ট'কল মানি ডিব্ৰুগড়ৰ শিক্ষানুষ্ঠানত পাঠদান আৰম্ভ