ETV Bharat / state

2021 বৰ্ষৰ পদ্মশ্ৰী সন্মানেৰে বিভূষিত হ’ল সমাজ সেৱিকা লখিমী বৰুৱা - tarun gogoi

2021 বৰ্ষৰ পদ্মশ্ৰী বঁটাৰে সন্মানিত হ’ল লখিমী বৰুৱা ৷ নাৰী সৱলীকৰণৰ বাবে অসমৰ প্ৰথম আৰু একমাত্ৰ মহিলা সমবায় বেংক স্থাপন কৰি অসমৰ অৰ্থনৈতিকভাৱে পিছপৰা মহিলা সকলৰ হকে কাম কৰিছিল লখিমী বৰুৱাই ৷ যাৰ বাবে 2021 বৰ্ষৰ পদ্মশ্ৰী সন্মানেৰে বিভূষিত কৰা হয় সমাজ সেৱীকাগৰাকীক ৷

pradmashree award 2021 goes to lakhimai barua
2021 বৰ্ষৰ পদ্মশ্ৰী সন্মানেৰে বিভূষিত হ’ল সমাজ সেৱীকা লখিমী বৰুৱা
author img

By

Published : Nov 9, 2021, 10:07 PM IST

যোৰহাট, 9 নৱেম্বৰ : অসমবাসীৰ বাবে এক গৌৰৱৰ বিষয় ৷ নাৰী সৱলীকৰণৰ বাবে ভাৰত চৰকাৰে ২০২১ চনত চতুৰ্থ সৰ্বোচ্চ অসামৰিক সম্মান পদ্মশ্ৰী বঁটাৰে সন্মানিত কৰে লখিমী বৰুৱাক ৷ সোমবাৰে ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত হোৱা এক গাম্ভীৰ্যপূৰ্ণ সভাত দেশৰ ৰাষ্ট্ৰপতি ৰামানাথ কোবিন্দৰ পৰা এই সন্মান গ্ৰহণ কৰে লখিমী বৰুৱাই ।

লখিমী বৰুৱাই অসমৰ অৰ্থনৈতিকভাৱে পিছপৰা মহিলা সকলৰ সুবিধাৰ্থে কনকলতা বেংক নামেৰে এটা বেংক স্থাপন কৰিছিল ৷ এই বেংকৰ জৰিয়তে দীৰ্ঘদিনৰ পৰা সেৱা আগবঢ়াই আহিছে লখিমী বৰুৱাই ৷ যাৰ বাবে লখিমী বৰুৱালৈ ভাৰত চৰকাৰে আগবঢ়ালে 2021 বৰ্ষৰ পদ্মশ্ৰী সন্মান ৷

2021 বৰ্ষৰ পদ্মশ্ৰী সন্মানেৰে বিভূষিত হ’ল সমাজ সেৱীকা লখিমী বৰুৱা

ইয়াৰ উপৰিও একেটা শিতানতে পদ্মশ্ৰী গ্ৰহণ কৰিলে ৰাজ্যৰ আন এগৰাকী সমাজ সেৱীকা বীৰুবালা ৰাভাই ৷ অসম-মেঘালয়ৰ সীমান্তৰ ঠাকুৰ ভিলা গাঁৱৰ বীৰুবলা ৰাভাই ডাইনী হত্যা, অন্ধবিশ্বাসৰ বিৰুদ্ধে 2001 চনৰ পৰাই অনগ্ৰসৰ অঞ্চলত সজাগতা সৃষ্টি কৰি আহিছে ৷ আনকি অসমত ডাইনী সন্দেহত আতিশায্যৰ মুখামুখি হোৱা বহু লোকক তেওঁ সহায় কৰিছে ।

লগতে পঢ়ক : পদ্মশ্ৰী সন্মান গ্ৰহণৰ বাবে দিল্লীলৈ যাব নোৱাৰিলে কথাশিল্পী ইমৰান শ্বাহ

উল্লেখ্য যে, দেশৰ ৰাষ্ট্ৰপতি ৰামানাথ কোবিন্দে সোমবাৰে ১০২ গৰাকী ব্যক্তিক আগবঢ়ালে পদ্ম বিভূষণ, পদ্মভূষণ আৰু পদ্মশ্ৰী বঁটা ৷ 2021 বৰ্ষৰ এই সন্মানৰ তালিকাত আছিল ৰাজ্যৰ আঠগৰাকীকৈ অসমীয়া ৷ ৰাজ্যৰ বিভিন্ন ক্ষেত্ৰত বৰঙণি আগবঢ়োৱা আঠগৰাকী বিশিষ্ট ব্যক্তিক প্ৰদান কৰা হয় পদ্মশ্ৰী সন্মান ৷

pradmashree award 2021 goes to lakhimai barua
2021 বৰ্ষৰ পদ্মশ্ৰী বঁটা প্ৰাপকসকল

ইয়াৰ উপৰিও মৰণোত্তৰভাৱে পদ্মভূষণ সন্মানেৰে বিভূষিত কৰা হয় ৰাজ্যৰ প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক ৷ বঁটা গ্ৰহণ কৰে প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ পত্নী ডলী গগৈয়ে ৷ মৰণোত্তৰভাৱে প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক এই সন্মান আগবঢ়োৱাৰ বাবে স্বাভাৱিকতে গৌৰৱাম্বিত হৈ পৰিছে অসমবাসী ৷

ইয়াৰোপৰিও সোমবাৰে ২০২০ বৰ্ষৰ মুঠ ৭ গৰাকীয়ে পদ্মবিভূষণ, ১৬ গৰাকীয়ে পদ্মভূষণ আৰু ১১৭ গৰাকীয়ে পদ্মশ্ৰী বঁটা গ্ৰহণ কৰে । এইসকলৰ ভিতৰত অসমৰ মুঠ ৫ গৰাকী ব্যক্তিক প্ৰদান কৰা হয় এই বিশেষ সন্মান । এইসকলৰ ভিতৰত আছে ইন্দিৰা পি.পি. বৰা, লীল বাহাদুৰ চেত্ৰী, ড৹ ৰবি কান্নান আৰ, যোগেন্দ্ৰ নাথ ফুকন আৰু ড৹ কুশল কোঁৱৰ শৰ্মা ।

লগতে পঢ়ক : পদ্মশ্ৰী সন্মানেৰে বিভূষিত হ’ল মাজুলীৰ গোপীৰাম বৰ গায়ন

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.