ETV Bharat / state

কাকজান মহাবিদ্যালয়ত প্ৰান্তীয় কন্ঠ শীৰ্ষক এক বক্তৃতা অনুষ্ঠান

author img

By

Published : Feb 19, 2021, 10:11 PM IST

টীয়কৰ অন্যতম অগ্ৰণী শিক্ষা অনুস্থান কাকজান মহাবিদ্যালয়ত বিশেষ বক্তৃতা অনুষ্ঠানৰ আয়োজন ৷ মহাবিদ্যালয় খনৰ ইংৰাজী বিভাগৰ ইংলিছ ষ্টাডি আৰু লিটাৰেৰী ফ'ৰামৰ উদ্যোগত অনুষ্ঠিত হয় প্ৰান্তীয় কন্ঠ শীৰ্ষক এই বিশেষ বক্তৃতা অনুষ্ঠান ৷

A_teok_803_teok_college_programme_vis_asc10027
popular talk on marginalized voices

টীয়ক, 19 ফেব্ৰুৱাৰী: যোৰহাটৰ কাকজান মহাবিদ্যালয়ত প্ৰান্তীয় কন্ঠ শীৰ্ষক বক্তৃতা অনুষ্ঠানৰ আয়োজন ৷ যোৰহাট জিলাৰ টীয়কৰ অন্যতম অগ্ৰণী শিক্ষা অনুস্থান কাকজান মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ ইংলিছ ষ্টাডি আৰু লিটাৰেৰী ফ'ৰামৰ উদ্যোগত বিগত বছৰৰ দৰে এইবাৰো প্ৰান্তীয় কন্ঠ শীৰ্ষক ব্যতিক্ৰমী অনুষ্ঠানটোৰ আয়োজন কৰা হয় ৷

সাহিত্য একাডেমী বঁটা প্ৰাপক, ৰাজীৱ গান্ধী পেট্ৰলিয়াম ইউনিভাৰচিটিৰ পদাৰ্থ বিজ্ঞানৰ সহকাৰী অধ্যাপক তথা বিশিষ্ট কবি আৰু সাহিত্যিক ড৹ কমল কুমাৰ তাঁতীয়ে উক্ত বক্তৃতা অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰে ৷ এই বক্তৃতা অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি তাঁতীয়ে প্ৰান্তীয় কন্ঠৰ বৈশিষ্টৰ লগতে সাহিত্যত ইয়াৰ প্ৰতিফলনৰ ওপৰত আলোকপাত কৰে ৷

মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপক ড৹ পংকজ গোস্বামীৰ সভাপতিত্বত আয়োজিত এই অনুষ্ঠানত মহাবিদ্যালয়ৰ কেইবাগৰাকীও অধ্যাপক উপস্থিত থাকি অনুষ্ঠানটি সাফল্যমণ্ডিত কৰি তোলে লগতে এই অনুষ্ঠানে ছাত্ৰ ছাত্ৰী সকলক ভৱিষ্যত জীৱনত সহায় কৰিব বুলিও উদ্যোক্তাসকলে আশা প্ৰকাশ কৰে ।

লগতে পঢ়ক: অপহৃত দুই বিষয়াক লৈ আলফা স্বাধীনৰ বিবৃতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.