ETV Bharat / state

উপযুক্ত পৰিচৰ্যাৰ অভাৱত পৰিত্যক্ত টীয়কৰ শীতল গৃহ !

লক ডাউনৰ ফলত ৰাজ্যৰ ভিন্ন প্ৰান্তৰ কৃষিক্ষেত্ৰত যথেষ্ঠ প্ৰভাৱ পৰা দেখা গৈছে ৷ বজাৰ আৰু সংৰক্ষণৰ অভাৱত প্ৰায়বোৰ শস্য খেতিপথাৰতে নষ্ট হৈছে ৷ বিপৰীতে, যোৰহাটৰ টীয়কত থকা শীতল গৃহটো উপযুক্ত পৰিচৰ্যাৰ অভাৱৰ লগতে দীৰ্ঘদিনে অব্যৱহৃত হৈ থকাৰ ফলত সম্প্ৰতি জহি-খহি গৈছে ৷

author img

By

Published : Apr 29, 2020, 10:54 AM IST

Poor condition of teok cold storage
পৰিত্যক্ত টীয়কৰ শীতল গৃহ

টীয়ক,29 এপ্ৰিলঃ দেশজোৰা লক ডাউনৰ সৰ্বাধিক প্ৰভাৱ প্ৰতিফলিত ৰাজ্যৰ কৃষিখণ্ডত ৷ উপযুক্ত বজাৰ আৰু শীতল গৃহৰ অভাৱত উৎপাদিত শস্য পৰিণত গৰু-ছাগলীৰ খাদ্যলৈ ৷ ফলত কৃষকসকলৰ মাজত সৃষ্টি হৈছে হাহাকাৰ পৰিস্থিতিৰ ৷ ইয়াৰ বিপৰীতে দীৰ্ঘদিনে উপযুক্ত পৰিচৰ্যা আৰু ব্যৱহাৰৰ অভাৱত পৰিত্যক্ত ৰূপ ধাৰণ কৰিছে যোৰহাটৰ টীয়কত থকা এটা শীতল গৃহই ৷ যোৰহাট জিলা নিয়ন্ত্ৰিত বজাৰ সমিতিৰ অধীনষ্ঠ শীতল গৃহটো উদ্বোধনৰ পিছতো দীৰ্ঘদিনে অব্যৱহৃত হৈ ৰয় । ফলত বৰ্তমান জহি-খহি গৈছে গৃহটিৰ সকলো প্ৰকাৰৰ আচবাব ৷

পৰিত্যক্ত টীয়কৰ শীতল গৃহ

উল্লেখ্য যে, প্ৰায় প্ৰতিখন সংবাদমেলত শীতল গৃহৰ অভাৱৰ কথা দোহাৰি কৃষি মন্ত্ৰী অতুল বৰাই কৃষকৰ সমস্যাৰ প্ৰতি পিঠি দি অহা পৰিলক্ষিত হৈছে ৷ কিন্তু একে সময়ত ৰাজ্যিক কৃষি বিপণন পৰিষদৰ অধীনষ্ঠ টীয়কৰ চটাইস্থিত শীতল গৃহটোৰ এনে দুৰৱস্থাই কৃষি মন্ত্ৰী গৰাকীৰ অকৰ্মণ্যতাক প্ৰতিফলিত কৰিছে । ২০১৬ চনত এই শীতল গৃহটো মুকলি কৰিছিল ৰাজ্যৰ কৃষি মন্ত্ৰী গৰাকীয়ে ৷ পৰৱৰ্তী সময়ত বদ্ৰী ৰায় এণ্ড কোম্পানী নামৰ দুলীয়াজানৰ এক প্ৰতিষ্ঠানে ২০১৮ চনৰ জানুৱাৰীৰ পৰা আৰম্ভ কৰি প্ৰায় এটা বছৰ চলোৱাৰ পিছত গৃহটোত মজুত কৰা সামগ্ৰীসমূহ গৃহটোৰ কাৰিকৰী বিসংগতিৰ বাবে নষ্ট হোৱাৰ ফলত পুনৰায় গৃহটো ব্যৱহাৰ নকৰিলে ৷ তেতিয়াৰে পৰা এইপৰ্যন্ত ব্যৱহাৰ হোৱা নাই শীতল গৃহটো ।

লগতে চাওকঃ তেজপুৰত ৰাজ্যৰ মুখ্য সচিব আৰু আৰক্ষীৰ সঞ্চালক প্ৰধান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.