টীয়ক, 12 ছেপ্তেম্বৰ : লুইতৰ বাঢ়নী পানীয়ে বিধ্বস্ত কৰি গ’ল টীয়কৰ জাঁজীমুখৰ বৰমথাউৰী স্বাস্থ্য আৰু কল্যাণ কেন্দ্ৰ(Barmathauri Health and Welfare Centre) ৷ ভদীয়া বানৰ(Flood) পলসে পুতি পেলাইছে টীয়কৰ অন্যতম বানে গৰকা জাঁজীমুখ বৰমথাউৰী অঞ্চলৰ একমাত্ৰ চিকিৎসাৰ সম্বল এই উপ স্বাস্থ্য কেন্দ্ৰটো ।
উপ স্বাস্থ্য কেন্দ্ৰটোৰ আচবাবৰ লগতে জীৱনদায়িনী ঔষধো যথেষ্ট পৰিমাণে নষ্ট হৈ পৰে এই বানত । প্ৰায় 5 খন গাঁৱৰ একমাত্ৰ ভৰষা এই উপ স্বাস্থ্য কেন্দ্ৰটো । অন্যথা প্ৰায় 15 কিল’মিটাৰ নিলগত থকা স্থানীয় গ্ৰাম্য চিকিৎসালয়(FRU) লৈ যাব লগা হয় বৰমথাউৰীবাসী ।
লগতে পঢ়ক: অভয়াপুৰীত বানাক্ৰান্তৰ মাজত খাদ্য-সামগ্ৰী বিতৰণ
ইফালে বাট-পথৰ অৱস্থাও তথৈবচ । কোনো ৰোগীক জৰুৰীভাৱে চিকিৎসা প্ৰদান কৰিবলগীয়া হ’লে কেইবাটাও স্থানত নাৱেৰে পাৰ কৰিবলগীয়া হয় । বৰ্তমান ক’ভিডৰ(Covid) আতংকৰ সমান্তৰালকৈ বানৰ অন্তত অঞ্চলটোত বিভিন্ন ৰোগৰ প্ৰাদুৰ্ভাৱ হোৱা পৰিলক্ষিত হৈছে ৷
ইয়াৰ ফলস্বৰূপে চিন্তিত হৈ পৰিছে অঞ্চলটোৰ সচেতন ৰাইজ । অচিৰেই উপ স্বাস্থ্য কেন্দ্ৰটোত যাৱতীয় সা-সুবিধাৰ ব্যৱস্থা গ্ৰহণ কৰি বৃহত্তৰ নৈপৰীয়া অঞ্চলটোৰ ৰাইজক উপকৃত কৰিবলৈ চৰকাৰক দাবী জনাইছে স্থানীয় ৰাইজৰ লগতে বিভিন্ন দল-সংগঠনে ৷
লগতে পঢ়ক: গোলাঘাটৰ চাউল বজাৰত বিধ্বংসী অগ্নিকাণ্ড