ETV Bharat / state

দেৱাশীষ গগৈ হত্যাকাণ্ডঃ আদালতত দাখিল অভিযোগনামা

author img

By

Published : Aug 14, 2020, 9:16 PM IST

যোৱা ৩০ মে'ত মৰিয়নী গাভৰু চাহ বাগিচাত গণপ্ৰহাৰৰ বলি হৈ মৃত্যুক সাৱটি লোৱা দেৱাশীষ গগৈ হত্যাকাণ্ডৰ লগত জড়িত 18 জন অভিযুক্তৰ বিৰুদ্ধে শুকুৰবাৰে তিতাবৰ আদালতত ৪১৬ পৃষ্ঠাজোৰা এখন অভিযোগনামা দাখিল কৰে আৰক্ষীয়ে ৷

দেৱাশীষ গগৈ হত্যাকাণ্ড
দেৱাশীষ গগৈ হত্যাকাণ্ড

মৰিয়নী, 14 আগষ্ট: শুকুৰবাৰে দেৱাশীষ হত্যাকাণ্ড সন্দৰ্ভত আদালতত ৪১৬ পৃষ্ঠাজোৰা এখন অভিযোগনামা দাখিল কৰিলে আৰক্ষীয়ে ৷ যোৱা ৩০ মে'ত মৰিয়নীৰ গাভৰু চাহ বাগিছাত গণপ্ৰহাৰৰ বলি হৈ মৃত্যুক সাৱটি লৈছিল দেৱাশীষ গগৈ নামৰ যুৱকগৰাকীয়ে ৷ তাৰ পাচতেই তদন্ত অব্যাহত ৰাখিছিল আৰক্ষীয়ে ৷

দেৱাশীষ গগৈ হত্যাকাণ্ড:আদালতত দাখিল অভিযোগনামা

মৰিয়নী আৰক্ষী থানাৰ চক্ৰ আৰক্ষী বিষয়া ৰাজেন বৰা, যোৰহাটৰ অতিৰিক্ত আৰক্ষী বিষয়া প্ৰকাশ সোণোৱাল,তিতাবৰ মহকুমা আৰক্ষী বিষয়া,মৰিয়নী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া,দেবেৰাপাৰ আৰক্ষী বিষয়াৰ নেতৃত্বৰ এটা দলে প্ৰায় আঢ়ৈ মাহে দেৱাশীষ হত্যাকাণ্ডৰ তদন্ত প্ৰক্ৰিয়া অব্যাহত ৰাখিছিল ৷ দেৱাশীষ গগৈ হত্যাকাণ্ডৰ লগত জড়িত থকাৰ অভিযোগত আৰক্ষীয়ে ১৮ জন অভিযুক্তক ইতিমধ্যে গ্ৰেপ্তাৰ কৰি জেল হাজোতলৈ প্ৰেৰণ ৷ সেই অভিযুক্ত কেইজনৰ বিৰুদ্ধে বিৰুদ্ধে আৰক্ষীয়ে ৪১৬ পৃষ্ঠাজোৰা এক অভিযোগনামা তিতাবৰ আদালতত দাখিল কৰে আৰক্ষীয়ে ৷

লগতে পঢ়ক: হোজাইত বাল্যবিবাহঃ আৰক্ষীৰ সহযোগত উদ্ধাৰ নাবালিকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.