যোৰহাট, 1 ছেপ্টেম্বৰ : কুম্ভকৰ্ণ নিদ্ৰাত যোৰহাট আৰক্ষী ৷ বৃহস্পতিবাৰে সদ্যজাত নৱজাতক এৰি পলায়ন কৰা দম্পত্তিটোৰ সন্ধান উলিওৱাত ব্যৰ্থ হৈছে যোৰহাট আৰক্ষী ৷ যোৰহাটত নৱজাতকক ৰাজপথত এৰি থৈ যোৱাৰ ঘটনাৰ 24 ঘণ্টা পাৰ হৈ যোৱাৰ পিচতো এতিয়ালৈ আৰক্ষীৰ জালত পৰা নাই দম্পতীটো ৷
সম্প্ৰতি নৱজাতকটোক জিলা শিশু সুৰক্ষা বিষয়াৰ তত্ত্বাৱধানত ৰাখি যোৰহাট চিকিৎসা মহাবিদ্যালয় ও হস্পিতালত ভৰ্তি কৰা হৈছিল ৷ তাৰ পিচতে নৱজাতকটি বৰ্তমান সুস্থ বুলি জানিব দিছে শিশু সুৰক্ষা বিষয়া ৰিজৱান হাজৰিকাই । অন্যহাতে সদ্যজাত নৱজাতক ঘটনা সন্দৰ্ভত বৰ্তমান যোৰহাটৰ লিচুবাৰীৰ আৰক্ষী চকীত এক এজাহাৰ দাখিল কৰা হৈছে।
বৃহস্পতিবাৰে বাঘচোঙৰ শইকীয়া পথৰ সমীপত এখন নম্বৰ প্লেট বিহীন স্কুটীত অহা এহাল পুৰুষ মহিলাই পথৰ কাষৰে গৈ থকা তৃষাংকু শইকীয়া নামৰ কিশোৰজনৰ হাতত নৱজাতকটোক দি ঘটনাস্থলীৰ পৰা পলায়ন কৰে। কিশোৰজনে লগৰ এগৰাকী বন্ধুৰ সৈতে দোকানলৈ গৈ থকা অৱস্থাত স্কুটীৰ পৰা নামি মহিলাগৰাকীয়ে কিশোৰটোক মেৰিয়াই থোৱা নৱজাতকটো ল’বলৈ দিয়াত কিশোৰটোৱে মহিলাগৰাকীৰ কিবা অসুবিধা হোৱাৰ বাবে ধৰিবলৈ দিয়া বুলি ভাবি লৈ দিয়ে ৷ কিন্তু মহিলাগৰাকী চকুৰ পচাৰতে স্কুটীত উঠি পলায়ন কৰাত কিশোৰটো কিংকৰ্তব্যবিমূঢ় হৈ পৰে ৷
লগে লগে কিশোৰটোৱে মাতৃক ঘটনা সন্দৰ্ভত ফোন কৰি জনোৱাক মাতৃয়ে কিশোৰটোক ঘৰলৈ মাতি নৱজাতকটোক হাস্পতাললৈ লৈ যায় ৷ এই নৱজাতকটো সম্ভৱতঃ কালি জন্ম হোৱা বুলি জানিবলৈ দিয়ে স্বাস্থ্য কৰ্মীয়ে। আনহাতে এই ঘটনা সন্দৰ্ভত ইতিমধ্যে আৰক্ষীক অৱগত কৰে কিশোৰটোৰ পৰিয়ালৰ লোকে ৷ পলায়ন কৰা পুৰুষ আৰু মহিলাই নিজৰ অবৈধ সম্পৰ্ক ঢাকিবলৈ এনে ঘটনা সংঘটিত কৰাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় লোকে ৷
লগতে পঢ়ক: New born baby recovered: হায় জীৱশ্ৰেষ্ঠ! সদ্যজাত কণমানিক পথৰ কাষতে এৰিলে পিতৃ-মাতৃয়ে!