মৰিয়নী, 1 জুনঃ মৰিয়নীৰ দেৱশীষ গগৈ হত্যাকাণ্ডৰ লগত জড়িত 8 জন অভিযুক্তক এই পৰ্যন্ত আটক কৰিছে আৰক্ষীয়ে ৷ যোৱা 31 মে'ত আৰক্ষীয়ে আশীষ নায়ক, শচীন চাউৰা,ৰাধেশ্যাম কুৰ্মী আৰু অশোক চাউৰা নামৰ চাৰিজন লোকক আটক কৰে ৷ দেওবাৰে নিশা উজনি অসমৰ আৰক্ষী উপ-মহাপৰিদৰ্শক গঞ্জেৱালা আৰু তিতাবৰ মহকুমা আৰক্ষী বিষয়াৰ নেতৃত্বৰ এটা দলে দেৱশীষ হত্যাকাণ্ডৰ লগত জড়িত পিন্টু নায়ক,ভাইকন বৰা,ৰমেশ বৰা,আৰু দীপক চবৰ নামৰ আন 4 জন লোকক আটক কৰিবলৈ সক্ষম হয় ৷
ইয়াৰ সমান্তৰালকৈ ছ'চিয়েল মিডিয়াত এই হত্যাকাণ্ড সন্দৰ্ভত আপত্তিজনক মন্তব্য কৰা দিপজ্যোতি নায়ক নামৰ নাগিনিজান চাহ বাগিছাৰ এজন যুৱককো আটক কৰে আৰক্ষীয়ে ৷ এই বৰ্বৰ ঘটনাৰ লগত জড়িত থকা আনকেইজন লোকৰ সন্ধানত আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে ৷ সোমবাৰে এই হত্যাকাণ্ড সন্দৰ্ভত নিজৰ মন্তব্য প্ৰকাশ কৰিলে ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাই ৷
লগতে পঢ়কঃ গণহত্যাঃ পিতৃ ভগ্নীৰ সন্মুখতে মৰিয়াই মৰিয়াই হত্যা যুৱকক